নিউজ ডেস্কঃ ক্ৰীড়া জগতত ভাৰতে পুনৰ ৰচিলে ইতিহাস। দেওবাৰে বেংককত অনুষ্ঠিত বেডমিন্টন থমাছ কাপৰ ফাইনেলত জয়ী হয় ভাৰত। প্ৰথমবাৰৰ বাবে এই কাপৰ জয়ী হৈছে ভাৰত।
উল্লেখ্য যে, এই থমাছ কাপৰ শিতাপ ১৪বাৰকৈ অৰ্জন কৰা ইন্দোনেছিয়া এইবাৰৰ ফাইনেল মেচখনত ভাৰতত হাতত পৰাস্ত হয়। কিদাম্বী শ্ৰীকান্তে ভাৰতক আজি এই শিতাপ অৰ্জন কৰায়।
ফাইনেল মেচখনত শ্ৰীকান্তে ইন্দোনেছিয়াৰ জোনাথন ক্ৰিষ্টীৰ বিৰুদ্ধে খেলে। থমাছ কাপ প্ৰথমবাৰৰ বাবে ভাৰতৰ নামত হোৱাৰ পাছত এতিয়া ভাৰতীয় ক্ৰীড়া প্ৰেমীসকলৰ মাজত আনন্দ। এই শিতাপ অলিম্পিকৰ স্বৰ্ণ পদক অথবা বিশ্বকাপ জয়ী হোৱাতকৈ কোনো গুণেই কম নহয়।