নিউজ ডেস্কঃ নাগপুৰত অনুষ্ঠিত হৈ থকা ব’ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰতীয় স্পীনাৰ জাদেজাৰ বিৰুদ্ধে উত্থাপন হৈছে বল টেম্পাৰিঙ কৰাৰ অভিযোগ। বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ মাজত এতিয়া এই খবৰে তোলপাৰ লগোৱা দেখা গৈছে। ব’ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথমটো টেষ্ট শৃংখলাৰ প্ৰথম ইনিংছত জাদেজাই ৫ টা উকেইট দখল কৰিবলৈ সক্ষম হয়। যাৰ বাৰে অষ্ট্ৰেলিয়াৰ কেংগাৰু বাহিনী ১৭৭ ৰানতে প্ৰথম ইনিংছ সামৰিব লগা হয়।  

দীৰ্ঘ সময় ধৰি আঘাতৰ বাবে বাহিৰত থাকিব লগীয়া জাদেজাৰ প্ৰথম ইনিংছৰ প্ৰদৰ্শনে সঁচাকৈ বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ মাজত এক চমক প্ৰদান কৰে । যাৰ বাবে এক নায়কলৈ পৰিণত হৈছিল প্ৰথম দিনাৰ খেলত।

জাদেজাই বল টেম্পাৰিঙৰ অভিযোগ প্ৰথমে উত্থাপন কৰে অষ্ট্ৰেলিয়াৰ “ফক্স ক্ৰিকেট” নামৰ খেলৰ সংবাদ প্ৰতিষ্ঠানটোয়ে । টুইট যোগে প্ৰকাশ কৰি সংবাদ প্ৰতিষ্ঠানটোৱে এনেদৰে লিখে – “আকৰ্ষণীয়।” অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত প্ৰথম টেষ্টৰ প্ৰথম ইনিংছৰ সময়ত এটা সন্দেহজনক মুহূৰ্তৰ দৃষ্টিভংগী দেখা পোৱাৰ পিছত এটা বিতৰ্কৰ সূত্ৰপাত আৰম্ভ হৈছে।

কিন্তু এই অভিযোগ কিমান দুৰ সঁচা? আচল সত্যটো এনে যে, জাদেজাই আঙুলিৰ বিষৰ বাবে মহস্মদ ছিৰাজৰ পৰা ভেছলিনৰ দৰে কিবা এটা লৈ লগাই লৈছিল, যিটো সেইসময়ৰ ভিডিঅ’ত স্পষ্টকৈ দেখা গৈছে। যাৰ বিষয়ে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই  মেচ ৰেফাৰীক অৱগত কৰিছিল।

ইফালে “ফক্স ক্ৰিকেট” সংবাদ মাধ্যমে এই অভিযোগ উত্থাপন কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ বহু প্ৰাক্তন খেলুলৈ ভাৰতীয় ক্ৰিকেট দলক সমালোচনা কৰা দেখা গৈছিল। মাইকেল ভৌঘামে ফক্স ক্ৰিকেটৰ টুইটটো ৰিটুইট (Retweet) কৰি লিখে, “তেওঁ তেওঁৰ ঘূৰণীয়া আঙুলিটো কি লগাই আছে? এইটো কেতিয়াও দেখা নাই…”

উল্লেখযোগ্য যে, অধিনায়ক শৰ্মাই ৰেফাৰীক অৱগত কৰা পিছতো অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে এনে অভিযোগ উত্থাপন কৰাটো এক নিন্দনীয় বুলি ভাৰতীয় ক্ৰিকেট প্ৰেমী সকলে সমাজিক মাধ্যমত লিখা দেখা গৈছে। কেংগাৰু বাহিনীহে এনে কৰ্ম সৈতে জড়িত থাকে আৰু নিজৰ ব্যৰ্থতা ঢাকিবলৈ এনে কৰা হৈছে বুলি ক্ৰিকেট প্ৰেমীয়ে সামাজিক মাধ্যমত লিখি তোলপাৰ লগাইছে।  

লগতে পঢ়ক – পুনৰ এক নতুন দিগন্তৰ সূচনা কৰিলে ISRO ৰ বিজ্ঞানী সকলে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply