নিউজ ডেস্ক : টকিঅ’ অলিম্পিকত ভাৰতীয় মহিলা হকী দলে ইতিহাস ৰচিলে। ভাৰতৰ মহিলা হকী দলে উন্নত প্ৰদৰ্শন দাঙি ধৰি প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। টকিঅ’ অলিম্পিকত ভাৰতৰ মহিলা হকী দলে তিনিবাৰকৈ অলিম্পিক চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মহিলা হকী দলক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।

সোমবাৰে কোৱাৰ্টাৰ ফাইনেলৰ খেলত ভাৰতৰ মহিলা হকী দলে বিশ্বৰ ২ নম্বৰৰ মহিলা হকী দল অষ্ট্ৰেলিয়াক পৰাস্ত কৰে। ভাৰতৰ মহিলা হকী দলে ১-০ ব্যৱধানত অষ্ট্ৰেলিয়াৰ মহিলা হকী দলক কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰে। ভাৰতৰ মহিলা হকী দলটোৱে টকিঅ’ অলিম্পিকৰ দশম দিনা ইতিহাস ৰচিবলৈ সক্ষম হয়।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত ভাৰতৰ মহিলা হকী দলৰ বিজয়ৰ আঁৰত আছিল গ’লকিপাৰ সবিতা পুনিয়াৰ প্ৰদৰ্শন। সবিতা পুনিয়াই খেলখনত ৯ টাকৈ গ’ল ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ মহিলা হকী দলৰ গুৰজিত কৌৰে ২২ মিনিটত একমাত্ৰ গ’লটো কৰে। অহা ৪ আগষ্টত ভাৰতৰ মহিলা হকী দলটোৱে আৰ্জেন্টিনাৰ বিৰুদ্ধে ছেমি ফাইনেলত যুঁজিব।

লগতে পঢ়ক : এপিডিচিএলৰ খালী পদ পূৰণৰ বাবে হৈ যােৱা পৰীক্ষাৰ ফলাফল ঘােষণা কৰা হ’ব

আৰ্জেন্টিনাই জাৰ্মানীক ৩-০ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ মহিলা হকী দলটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ১৯৮০ চনৰ মস্কো অলিম্পিকত। মস্কো অলিম্পিকত ৬ টাকৈ দলে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে চাৰি নম্বৰ স্থানত আছিল ভাৰতৰ মহিলা হকী দল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply