ক্ৰীড়া ক্ষেত্ৰত পুনৰ বিতৰ্ক, বেইজিং শীতকালীন অলিম্পিক বৰ্জন কৰাৰ সিদ্ধান্ত ল’লে ভাৰতে ৷ অলিম্পিকৰ মঞ্চত ভাৰত-চীনৰ গালৱান বিতৰ্কই স্থান পোৱাৰ বাবেই আজিৰে পৰা আৰম্ভ হ’ব লগীয়া বেইজিঙৰ শীতকালীন অলিম্পিক বৰ্জনৰ সিদ্ধান্ত ভাৰতৰ কূটনৈতিক মহলৰ।

উল্লেখ্য, ইতিমধ্যে আমেৰিকাৰো চৰকাৰী বিষয়া প্ৰতিনিধিসকলে বেইজিং অলিম্পিক বৰ্জনৰ সিদ্ধান্ত লৈছিল৷ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র অৰিন্দম বাগচীয়ে প্ৰকাশ কৰা মতে, অলিম্পিকক লৈ চীনে কৰা ৰাজনীতি অতি দুখজনক।

ভাৰতৰ বিৰুদ্ধে গালৱান প্রদেশত যুদ্ধ কৰা পিপলছ লিবাৰেচন আর্মিৰ এজন সেনাক শীতকালীন অলিম্পিকৰ শিখা বহনৰ দায়িত্ব দিছে বেইজিঙে। এই ঘটনাক লৈ ক্ষুব্ধ ভাৰতীয় মহল৷ সেয়ে অলিম্পিকৰ উদ্বোধনী বা সামৰণী কোনো অনুষ্ঠানতেই উপস্থিত নাথাকে ভাৰতৰ কোনো দূত।


শীতকালীন অলিম্পিক শিখা বহনৰ দায়িত্ব দিয়া কি ফাবাওৱেই ২০২০ চনত গালৱান উপত্যকাত ভাৰতীয় সেনাৰ ওপৰত আক্রমণ কৰিবলৈ গৈ ধৰা পৰিছিল। ২০২০ৰ ১৫ জুনত চীনে ভাৰতীয় সেনাৰ ওপৰত কৰা আক্রমণৰ নেতৃত্ব দিছিল ফাবাওৱে। ছহিদ হৈছিল ভাৰতৰ কর্নেল বিক্কুমাল্লা সন্তোষ।

ক্লেক্সন নামৰ এখন অষ্ট্ৰেলিয়ান সংবাদ-পত্রই এই সম্পৰ্কে এক সংবাদ প্ৰকাশ কৰিছে। তাৰ পিছতেই ভাৰতৰ কূটনৈতিক মহলে শীতকালীন অলিম্পিক বৰ্জনৰ এই সিদ্ধান্ত লয়। আজিৰে পৰা ২০ফেব্ৰুৱাৰীলৈ বেইজিঙত এই ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হ’ব। এইবাৰৰ শীতকালীন অলিম্পিকত মুঠ ২৮৭১ গৰাকীয়ে অংশ লোৱাৰ কথা।

লগতে পঢ়ক- দ্বিতীয় দিনাও ঠেঁটুৱৈ ধৰা ঠান্ডাই কপাইছে গুৱাহাটী মহানগৰীত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply