ক্রীড়াবিশ্বৰ মহাৰণ অলিম্পিকৰ সফল পৰিসমাপ্তিৰ পিছত পুনৰ টকিঅ’ সাজু হৈছে ক্রীড়াবিশ্বৰ আন এক মহাৰণলৈ। কৰোনা মহামাৰীৰ বাবে এবছৰ পিছুৱাই অনুষ্ঠিত হোৱা এইবাৰৰ অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰই শীৰ্ষস্থান অধিকাৰ কৰে। চুবুৰীয়া ৰাষ্ট্ৰ চীন দ্বিতীয় স্থানত থকাৰ বিপৰীতে ভাৰতেও অলিম্পিক ইতিহাসৰ সৰ্বোৎকৃষ্ট প্ৰদৰ্শনৰে ৭ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়। অলিম্পিকৰ সফল সামৰণিৰ পিছতেই এতিয়া পুনৰ বিশ্ববাসী সাজু হৈছে পেৰালিম্পিকৰ বাবে।

পেৰালিম্পিক উদ্ধোধনী অনুষ্ঠান


আজিৰে পৰা ৫ চেপ্তেম্বৰলৈকে টকিঅ’ত আৰম্ভ হ’ব পেৰালিম্পিক ২০২০।প্ৰতিযোগিতা আয়োজনৰ পূৰ্বেই ভাৰতীয় দল সমস্যাৰ সন্মুখীণ হৈছে । ভাৰতীয় দলৰ উদ্ধোধনী অনুষ্ঠানত পতাকা বহন কৰিব লগীয়া মেৰিয়াপ্পান থাংগাভালু ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে তেওৰ স্থানত আজি টেকচান্দে পতাকা বহন কৰিব । বিমানত যাত্ৰা কৰাৰ সময়ত বিদেশী লোকৰ সংস্পৰ্শলৈ অহাৰ বাবেই ক’ভিডত আক্ৰান্ত হয় হাইজাম্পাৰ গৰাকী ।
এইবাৰৰ পেৰালিম্পিকত বিশ্বৰ ১৬৪ দেশৰ প্ৰায় ৪,৪০০ গৰাকী খেলুৱৈয়ে অংশ ল’ব। ভাৰতৰো বহুকেইগৰাকী খেলুৱৈয়ে এই ক্রীড়া মহাসমাৰোহত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে, এইবাৰৰ পেৰালিম্পিকলৈ ভাৰতে সৰ্বকালৰ সৰ্বাধিক ৫৪ জনকৈ খেলুৱৈক নিৰ্বাচিত কৰিছে। মুঠ নটাকৈ খেলত ভাৰতীয় খেলুৱৈসকলে ভাগ ল’ব।

পেৰালিম্পিক ২০২০

আৰ্চাৰী,এথলেটিকছ, বেডমিন্টন, পেৰা কেনয়িং, পাৱাৰ লিফটিং, চুটিং, সাঁতোৰ টাইকোৱাণ্ডো, টেবুল টেনিছ আৰু মিক্স আৰ্চাৰীত ভাৰতীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰিব। এথলেটিকছত ১৭ গৰাকী খেলুৱৈৰ ভিতৰত আছে দেবেন্দ্ৰ জাজাৰিয়া, অজিৎ সিং আদি। বেডমিন্টন (পুৰুষ)ত ৫ গৰাকীৰ ভিতৰত প্ৰমোদ ভাগত,বেডমিন্টন (মহিলা) ত পাউল পাৰমাৰ ইত্যাদি। ইপিনে, পেৰা কেনয়িংত পাৰ্চি য়াদৱ, পাৱাৰ লিফটিঙত জৈনদ্বীপ দেশৱাল, শ্বুটিঙত মনিশ নাৰৱাল, সাতোঁৰত নিৰঞ্জন মুকুন্ডন, টাইকোৱান্ডোত অৰুনা সিং টোমৰ আদিয়ে প্ৰদৰ্শন কৰিব নিজৰ ক্রীড়া নৈপুণ্যতা। যোৱা পেৰালিম্পিকত ২টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল ভাৰতীয় দলে ।

লগতে পঢ়ক লখিমপুৰত কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ বি জে পি কৰ্মীৰ মৃতদেহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply