নিউজ ডেস্কঃ সমগ্ৰ বিশ্ববাসীৰ এতিয়া দৃষ্টি ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ ওপৰত। কিন্তু তাৰ মাজতে ৰাছিয়াত গৈ দেশৰ নাম উজ্বলাই আহিছে ভাৰতৰ এগৰাকী খেলুৱৈয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে ভাৰতৰ ছাদিয়া টাৰিক।

ৰাছিয়াত অনুষ্ঠিত মস্কো ৱুশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ছাদিয়াই। উল্লেখ্য যে, যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা অন্ত পৰিব ২৮ ফেব্ৰুৱাৰীত।

শ্ৰীনগৰৰ নিবাসী ছাদিয়া টাৰিকে ইয়াৰ পূৰ্বে জুনিয়ৰ নেশ্বনেল ৱুশ্বু চেম্পিয়নশ্বিপত দুবাৰকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে, জলন্ধৰস্থিত লাভলী প্ৰফেশ্বনেল ইউনিভাৰ্ছিটীত অনুষ্ঠিত ২০ সংখ্যক জুনিয়ৰ নেশ্বনেল ৱুশ্বু চেম্পিয়নশ্বিপত স্বৰ্ণ মেডেল লাভ কৰিছিল ছাদিয়াই। এতিয়া ছাদিয়াক লৈ সমগ্ৰ ভাৰতবাসী গৌৰৱান্বিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply