অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত আৰু অসম ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকচ্ ষ্টেডিয়ামত ৮ মাৰ্চৰ পৰা আৰম্ভ হোৱা ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ-ছিনিয়ৰ এথলেটিকচ্ প্ৰতিযোগিতা‌ৰ আজি সামৰণি পৰে।

৩৭ খন জিলাৰ ৯৬৪ গৰাকী এথলীটে অংশগ্ৰহন কৰা প্ৰতিযোগিতাত ২৪ টা সোণৰ,১৪ টা ৰূপৰ আৰু ১১ টা ব্ৰঞ্জৰ পদক লাভ কৰি ৩১৫ পইন্টেৰে গুৱাহাটীয়ে চেম্পিয়নৰ খিতাপ দখল কৰে। আনহাতে তালিকাত ডিব্ৰুগড় জিলাই ৬ টা সোণ,১৩ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জৰ পদক লাভ কৰি ২২২ পইন্টেৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে, লগতে ১৫ টা সোণৰ,১১টা ৰূপৰ আৰু ৭ টা ব্ৰঞ্জৰ পদকেৰে পদক তালিকাৰ তৃতীয় স্থানত থাকে শিৱসাগৰ জিলা।

প্ৰতিযোগিতাৰ ভিন্ন ইভেন্টত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই প্ৰতিটো শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা খেলুৱৈসকল ক্ৰমে- ১৪ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ বিনয় বড়ো(ওদালগুৰি), ১৪ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ স্পৰ্শাজ্যোতি বৰা (গুৱাহাটী), ১৬ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ কপিল লাহন( গুৱাহাটী),১৬ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ ৰিমঝিম শইকীয়া (গুৱাহাটী),১৮ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ ঈদুল হুছেইন ( গুৱাহাটী), ১৮ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ শিল্পী দাস ( গুৱাহাটী), ২০ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ অৰূপজ্যোতি গগৈ ( লখিমপুৰ), ২০ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ প্ৰতীক্ষা বৰুৱা (মাৰ্ঘেৰিটা),পুৰুষ শাখাত দিবাকৰ ছৌবে (গুৱাহাটী) আৰু মহিলা শাখাৰ অম্ব্ৰিকা নাৰ্জাৰী( কোকৰাঝাৰ)।


প্ৰতিযোগিতাৰ সফল ৰূপায়নত সহযোগিতা আগবঢ়োৱা খেলুৱৈ,প্ৰশিক্ষক,মেনেজাৰ,অফিচিয়েল,
স্বেচ্ছাসেৱক আৰু দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছে অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক ভড়ালীয়ে। সামৰণি অনুষ্ঠানত বিজয়ী প্ৰতিযোগীসকলক বঁটা সমূহ প্ৰদান কৰে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব ড৹ সিদ্ধাৰ্থ সিং,ভাৰতীয় এথলেটিকচ্ ফেডাৰেছনৰ টেকনিকেল কমিটিৰ অধ্যক্ষ ষ্টেনলী জোনছ, অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ,অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক ভড়ালী, আন্তঃৰাষ্ট্ৰীয় এথলীট তৈবুননিছা,এথলেটিকচ্ প্ৰশিক্ষক নিপন দাস আৰু ক্ৰীড়াক্ষেত্ৰৰ বহুকেইগৰাকী গন্য-মান্য ব্যক্তিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply