খেৰণি: পশ্চিম কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু খেৰণিত ক্রীড়া সন্থাৰ সহযোগত খেৰণিৰ হাইস্কুল খেল প্ৰাংগণত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় ক্ৰীড়া সমাৰোহ।
আগন্তুক আন্তঃজিলা ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলং ক্রীড়া সন্থা হৈ অংশ গ্ৰহণ কৰাৰ বাবে খেলুৱৈ নিৰ্বাচিত কৰাৰ উদ্দেশ্য অনুষ্ঠিত কৰে এই ক্ৰীড়া প্ৰতিযোগিতা ।
উক্ত ক্ৰীড়া সমাৰোহত লৰা – ছোৱালীৰ উভয়ৰে বিভিন্ন শাখাৰ দৌৰ প্ৰতিযোগিতা , দিছকাচ থ্ৰ , জেভলিন থ্ৰ , লং জাম্প , লগতে জিলা ভিত্তিত অ’ছো খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
পশ্চিম কাৰ্বি আংলং ক্ৰীড়া সন্থাই পাহাৰীয়া জিলা খনৰ খেলুৱৈ সকলৰ মাজত খেলৰ প্ৰতি মনোবল বৃদ্ধি কৰাৰ লগতে খেলুৱৈ সমাজৰ মাজত এক সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি আৰু ক্ৰীড়াৰ মানদণ্ড আগবঢ়োৱাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই ক্ৰীড়া প্ৰতিযোগিতা খনত পাহাৰীয়া জিলা খনৰ ভিন প্ৰান্তৰ পৰা খেলুৱৈয়ে অংশ গ্ৰহণ কৰে।
লগতে পঢ়ক- জল জীৱন আঁচনিৰ অধীনত বঢ়মপুৰত তিনিটাকৈ পানী যোগান আঁচনি মুকলি