আই পি এল ১৪

নিউজ ডেস্ক: ইণ্ডিয়ান প্ৰিমিাৰ লীগৰ ১৪ সংস্কৰণ আজিৰে পৰা আৰম্ভ হ’ব। টুৰ্ণামেণ্টখনৰ উদ্বোধনী খেলত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ  আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। উদ্ধোধনী মেচখন চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি ৭.৩০ বজাত আৰম্ভ হ’ব। ৰোহিত শৰ্মা  নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে এতিয়ালৈ ৫বাৰ আইপিএৰ খিতাপ দখল কৰিছে। আনহাতে বিৰাট কোহলী নেতৃত্বাধীন আৰচিবিয়ে প্ৰথমটো খিতাপৰ অপেক্ষাত আছে। এইবাৰ কোৰোণা ভাইৰাছৰ বাবে ষ্টেডিয়ামত দৰ্শকৰ প্ৰৱেশৰ অনুমতি নাথাকিব।
আইপিএল ২০২১ৰ খেলসমূহ ভাৰতৰ ৬খন চহৰত অনুষ্ঠিত হ’ব। দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বেংগালুৰু আৰু হায়দৰাবাদত অনুষ্ঠিত হ’ব খেলসমূহ। এই টুৰ্ণামেণ্টৰ ফাইনেল মেচ ৩০ মে’ত অনুষ্ঠিত হ’ব।

আৰু পঢ়কঃ ”ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ”ত গুৱাহাটীৰ প্ৰাপ্তি মেধিৰ সফলতা

ৰোহিত শর্মা, কাইৰেণ পোলার্ড, কুইণ্টন ডি কক, সূর্যকুমাৰ যাদৱ, ঈশান কিশন, হার্দিক পাণ্ডিয়া, ক্রুণাল পাণ্ডিয়া, যশপ্রীত বুমৰাহ আৰু কেইবাগৰাকীও শ্ৰেষ্ঠ খেলুৱৈৰে গঠিত মুম্বাই ইণ্ডিয়ানছে ক্রমাগত তিনিটা আৰু সামগ্রিকভাৱে ষষ্ঠটো খিতাপ জয়ৰ লক্ষৰে খেলপথাৰত নামিব৷
আনহাতে বিৰাট কোহলি, এবি ডি ভিলিয়ার্ছ, গ্লেন মেক্সৱেল, কাঈল জেমিছন, ৱাশ্বিংটন সুন্দৰ, য়ুজবেন্দ্র চাহাল, মহম্মদ ছিৰাজৰ দৰে তাৰকাৰে সমৃদ্ধ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে আই পি এলৰ খিতাপ প্রথমবাৰলৈ দখলৰ লক্ষ্য লৈছে৷ প্রতিবাৰৰ দৰে এইবাৰো আৰ চি বিৰ প্রধান ভৰসা হ’ব বেটিং শক্তি৷
যোৱাবাৰৰ আই পি এলত ২৭টা উইকেট দখল কৰিবলৈ সক্ষম হোৱা বুমৰাহে আজি দীঘলীয়া বিশ্রামৰ অন্তত প্রতিযোগিতামূলক ক্রিকেটলৈ প্রত্যাৱর্তন ঘটাব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply