অবশেষত কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবছৰৰ আই পি এল বাতিল কৰিলে ।


ছানৰাইজাৰ হাইদৰাবাদ দলৰ খেলুৱৈৰ গাত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ ফলতেই এই সিদ্ধান্ত ।

সোমবাৰে দিল্লীৰ অৰুন জেটলী ষ্টেডিয়ামত চানৰাইজাৰ হায়দৰাবাদ আৰু মুম্বাই ইন্ডিয়ানছৰ মেছ বাতিল কৰিব লগা হৈছিল ।

দৰ্শক বিহীন খেলপথাৰত এইবাৰৰ আই পি এলৰ মেছসমূহ অনুষ্ঠিত হৈছিল ।

চানৰাইজাৰ হায়দৰাবাদৰ ৪ গৰাকী খেলুৱৈ আৰু দলটোৰ আন সদস্যৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে ।


১৪ নং সংষ্কৰণৰ মুঠ ৬০ খন খেলৰ ভিতৰত ২৯ খন মেছ ইতিমধ্যে হৈ গৈছিল ।


সোমবাৰে আৰ চি বি আৰু কে কে আৰৰ মাজত এইবাৰৰ ৩০ নম্বৰৰ মেছ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দুজন খেলুৱৈ বৰুন চক্ৰবৰ্তী আৰু সন্দীপ ৱাৰিয়াৰৰ দেহত ক’ভিড ধৰা পৰাৰ বাবেই বাতিল হয় মেছ ।

যোৱা ৪৮ ঘন্টাত কোৰোনাত আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি পোৱাত বি চি চি আই য়ে ইয়াক বাতিলৰ সিদ্ধান্ত লয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply