নিউজ ডেস্কঃ এইবাৰৰ আইপিএলত বৰ বিশেষ ভাল খেল প্ৰদৰ্শন কৰিব পৰা নাই মুম্বাই ইণ্ডিয়ানছে। ৰোহিত বাহিনীয়ে লক্ষ্ণৌৰ বিৰুদ্ধে খেলা মেচখনত পৰাস্ত হোৱাৰ পাছতে এতিয়া মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থকসকল হতাশ হৈ পৰিছে। টুৰ্ণামেন্টত একেৰাহে ৮খনকৈ মেচত পৰাস্ত হৈছে এই দলটো।

ইফালে, মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই এক টুইট কৰি দুখ প্ৰকাশ কৰিছে। টুইটাৰত খেলুৱৈগৰাকীয়ে লিখিছে- ‘এইবাৰ আইপিএলত আমি বহু ভাল খেল প্ৰদৰ্শন কৰিব পৰা নাই। কিন্তু মই মোৰ দলটোক বহুত ভাল পাওঁ। আৰু লগতে আমাৰ সকলো সমৰ্থকক ধন্যবাদ জনাইছো, যিসকলে আমাৰ দলটোৰ প্ৰতি বিশ্বাস ৰাখিছে।’

উল্লেখযোগ্য যে, লক্ষ্ণৌৰ বিৰুদ্ধে খেলা মেচখনত মুম্বাইয়ে ৩৬ ৰানৰ ব্যৱধানত পৰাস্ত হয়। প্ৰথমবাৰৰ বাবে আইপিএলত একেৰাহে মুম্বাইৰ দলটো ৮খন মেচত পৰাস্ত হৈছে। দলটোৰ অধিনায়ক ৰোহিত শৰ্মাই এইবাৰ বৰ বিশেষ ভাল বেটিং কৰা পৰিলক্ষিত হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply