আই পি এলৰ নিলামৰ প্ৰথম দিনটোত বিস্ফোৰক বেটছমেন তথা উইকেটকীপাৰ ঈশান কিষাণক ১৫.২৫ কোটি টকাত ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে। এই পৰ্যন্ত এইটোৱেই সৰ্বাধিক মূল্য।
পূৰ্বৰ ছিজনতো মুম্বাই ইণ্ডিয়ানছৰ সদস্য আছিল ঈশান কিষাণ। দ্বিতীয় স্থানত থাকে অলৰাউণ্ডাৰ দীপক চহৰ। চেন্নাই দলে তেওক ক্ৰয় কৰে ১৪ কোটি টকাত।
আনহাতে শ্ৰেয়াছ আয়াৰক ১২.২৫ কোটি টকাত ক্ৰয় কৰে কলকাতা নাইট ৰাইডাৰ্ছে।আয়াৰকেই আগন্তুক ছিজনত দলৰ নেতৃত্ব দিয়াৰ সম্ভাবনা ।১০ কোটি ৭৫ লাখ টকাত ৱানিন্দু হাছাৰাংগাক ক্ৰয় কৰে আৰচিবিয়ে। অষ্ট্ৰেলিয়ান পেছ বলাৰ পেট কামিংছক কলকাতা দলে ক্ৰয় কৰে ৭.২৫ কোটি টকাত।
৩ কোটি ৮০ লাখ টকাত ৰাজস্থান ৰয়েলছে নিলামত কিনিলে অসম সন্তান ৰিয়ান পৰাগক। যোৱাটো চিজনতো ৰাজস্থান দলৰেই সদস্য আছিল ৰিয়ান।
আনহাতে দক্ষিণ আফ্ৰিকাৰ পেছ বলাৰ ৰাবাডাক পাঞ্জাব কিংছ দলে ক্ৰয় কৰে ৯.২৫ কোটি টকাত।
ভাৰতীয় খেলুৱৈ শিখৰ ধাৱনক পঞ্জাৱে ৮.২৫ কোটি টকাৰ ক্ৰয় কৰে। প্ৰথম নিলামী কৰা ধাৱানৰ বাবে প্ৰথমে দিল্লী আৰু ৰাজস্থানৰ মাজত দাম দৰ চলি থকাৰ মাজতেই পঞ্জাৱে ৮.২৫ কোটি টকাত কিনে ।
আনহাতে ক্ৰুনাল পাণ্ডিয়াক ৮.২৫ কোটিত ক্ৰয় কৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। ১০ কোটি ৭৫ লাখ টকাত বেংগালুৰুলৈ উভতিল হৰ্ষল পেটেল।
আম্বাতী ৰাইডুক ৬.৭৫ কোটিত কিনিলে চেন্নাই ছুপাৰ কিংছে। দীপক হুডাক ৫.৭৫ কোটিত লক্ষ্ণৌৱে ক্ৰয় কৰে । বিপৰীতে, ৮ কোটি ৭৫ লাখ টকাত ছানৰাইজাৰ্ছ হায়দৰাবাদে ক্ৰয় কৰিলে ৱাশ্বিংটন সুন্দৰক।
মনীষ পাণ্ডে ৪ কোটি ৬০ লাখ টকাত লক্ষ্ণৌ ছুপাৰজায়েণ্টৰ সৈতে চুক্তিবদ্ধ কৰে । আনহাতে, ৮ কোটি ৫০ লাখ টকাত হেটমায়াৰক কিনিলে ৰাজস্থান ৰয়েলছে।
উথাপ্পাক ক্ৰয় কৰিলে চেন্নাই ছুপাৰ কিংছে। দেৱদত্ত পাডিক্কালক তীব্ৰ যুঁজৰ অন্তত ৭ কোটি ৭৫ লাখ টকাত ৰাজস্থান ৰয়েলছে কিনে। নীতিশ ৰানাক ৮ কোটিত ক্ৰয় কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে।
আনহাতে, ৪ কোটি ৪০ লাখ টকাত ব্ৰেভোক কিনিলে চেন্নাইয়ে। কেৰিবিয়ান তাৰকা জেছন হোল্ডাৰক ৮ কোটি ৭৫ লাখ টকাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে কিনে।
ভাৰতীয় খেলুৱৈ ৰবিচন্দন আশ্ৰিনক ৰাজস্থান ৰয়েলছ দলে ৫ কোটি টকাত ক্ৰয় কৰাৰ বিপৰীতে মহম্মদ শ্বামীক ৬.৭৫ কোটিত কিনে গুজৰাট টাইটান দলে।