অহা ২৬ মাৰ্চৰ আৰম্ভ হ’বলগীয়া আইপিএলৰ মেচবোৰ উপভোগ কৰাৰ বাবে ষ্টেডিয়ামত ২৫ শতাংশ দর্শক উপস্থিত থকাত অনুমতি দিছে বিচিচিআইয়ে। ইয়াৰ বাবে কোনো কাউন্টাৰত টিকট বিক্ৰীৰ ব্যবস্থা নাথাকে।

কেৱল অনলাইনতহে টিকট বিক্ৰী আৰম্ভ কৰিছে বুধবাৰৰ পৰা। আইপিএলৰ চৰকাৰী ৱেবছইট আৰু বুক মাই শ্ব’ত অনলাইন টিকট বিক্ৰী আৰম্ভ হৈছে।

ষ্টেডিয়ামলৈ অহা দৰ্শক সকলে কিন্তু সকলো ধৰণৰ নীতি নিয়ম মানি চলিব লাগিব উল্লেখ্য,কৰ’নাৰ বাবে কেৱল মুম্বাই আৰু পুনেতেই অনুষ্ঠিত হ’ব এইবাৰৰ আইপিএল।গ্রুপ পৰ্যায়ত মুঠ ৭০খন মেচ অনুষ্ঠিত হ’ব।

মহাৰাষ্ট্ৰৰ তিনিখন ষ্টেডিয়ামতেই গ্ৰুপ পৰ্যায়ৰ মেছ সমূহ অনুষ্ঠিত হ’ব। মুঠ ৫৫খন খেল মুম্বাইত আৰু১৫ খন খেল পুনেত অনুষ্ঠিত হ’ব ।

নক আউট পৰ্যায়ৰ মেচসমূহ খেলোৱা হ’ব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত৷ অহা ২৬ মাৰ্চত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত চেন্নাই আৰু কলকাতাৰ মাজত হ’বলগীয়া খেল খনৰে এইবাৰৰ প্ৰতিযোগিতা আৰম্ভ হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply