আগন্তুক আই পি এলৰ বাবে নিলামত ৩ কোটি ৮০ লাখ টকা মূল্যত ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে ক্ৰয় কৰি একমাত্ৰ অসমীয়া হিচাবে স্থান লাভ কৰিছিল। এতিয়া আৰু এজন অসম সন্তান দলটোৰ সৈতে জড়িত হৈছে আন এজন অসমীয়া ।

তেওঁ হ’ল ভাস্কৰ বৰা । এই ছিজনৰ আই পি এলত ৰাজস্থান ৰয়েলছ দলৰ ‘স্ট্ৰেঙথ্ এণ্ড কণ্ডিছনিং প্ৰশিক্ষক’ হিচাপে নিযুক্তি লাভ কৰিছে ভাস্কৰে ।

সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবলত অসমৰ প্ৰাক্তন গ’লৰক্ষক ৰবীন বৰাৰ পুত্ৰ ভাস্কৰে বিগত ৩ বছৰ ধৰি অসম ৰঞ্জি দলৰ ট্ৰেইনাৰ হিচাপে জড়িত হৈ আছে ।

বৰ্তমান অসম ৰঞ্জি দলৰ সৈতে হাৰিয়ানাত থকা ভাস্কৰ বৰাই দিছপুৰ পেৰেড গ্ৰাউণ্ডত গুৱাহাটী চিটি ক্ৰিকেট ক’চিং চেণ্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । বাওঁহতীয়া পেচ বলাৰ ভাস্কৰে ১৯ আৰু ২২ বছৰ অনূৰ্দ্ধ অসম ক্ৰিকেট দলতো খেলিছে ।

অসমৰ সুদক্ষ ট্ৰেইনাৰ নিশান্ত বৰদলৈৰ অধীনত প্ৰশিক্ষণ লোৱাৰ অন্তত অষ্ট্ৰেলিয়াত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ অনলাইন ট্ৰেইনাৰ পাঠ্যক্ৰমত উত্তীৰ্ণ হয়।

শেহতীয়াকৈ ভাস্কৰকে ধৰি ৰাজস্থান ৰয়েলছ দলত যুক্ত হ’ল ৩ গৰাকী অসম সন্তান– দলৰ মুখ্য কাৰ্যবাহী ৰঞ্জিত বৰঠাকুৰ, ক্ৰিকেটাৰ ৰিয়ান পৰাগ আৰু ট্ৰেইনাৰ ভাস্কৰ বৰা।

লগতে পঢ়ক- শিৱসাগৰত বিধায়ক অখিল গগৈৰ অৱস্থান ধৰ্মঘট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply