নিউজ ডেস্কঃ আইপিএলৰ আজিৰ মেচখনত গুজৰাটৰ হাতত পৰাস্ত হ’ল বাংগালুৰু। বাংগালুৰুৱে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে ১৭০ৰান। ৬টা উইকেট হেৰুৱাই ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৱে মেচখনত গুজৰাটৰ সন্মুখত বান্ধি দিয়ে ১৭১ ৰানৰ টাৰ্গেট। আৰু অৱশেষত গুজৰাটে অন্তিমটো অভাৰত বাংগালুৰুৱে বান্ধি দিয়া লক্ষ্যত উপনীত হয়।

আজিৰ মেচখনত গুজৰাটৰ দলটোৱে ১৯.৩ অভাৰত ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৭৪ ৰান। গুজৰাটৰ হৈ ঋধিমান সাহাই ২৯ ৰানং, শুভমন গিলে ৩১ ৰান, ছাই সুদৰ্শনে ২০ ৰান, অধিনায়ক হাৰ্দিক পাণ্ডেয়াই ৩ ৰান, ডেভিড মিলাৰে ৩৯ ৰান আৰু ৰাহুল টেৱাতিয়াই ৪৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

অধিনায়ক হাৰ্দিক পাণ্ডেয়াই সাধাৰণতে যিধৰণে বেটিং কৰে তেনেধৰণে বেটিং কৰা পৰিলক্ষিত নহ’ল আজিৰ মেচখনত। কিন্তু অৱশেষত গুজৰাট টাইটেন আজিৰ মেচখনত জয়ী হয়।

ইফালে, টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা বাংগালুৰুৰ দলটোৰ খেলুৱৈসকলে সংগ্ৰহ কৰে ক্ৰমে- বিৰাট কোহলীয়ে ৫৩টা বলত ৫৮ ৰান, ফাফ ডু প্লেছিছ শূন্য, ৰজত পাটিদাৰে ৩২টা বলত ৫২ ৰান, গ্লেন মেক্সৱেলে ১৮টা বলত ৩৩ ৰান, দিনেশ কাৰ্তিকে ৩টা বলত ২ ৰান, শ্বাহবাজ আহমেদে ২টা বলত ২ ৰান আৰু মহিপাল লমৰোৰে ৮টা বলত ১৬ ৰান সংগ্ৰহ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply