নিউজ ডেস্কঃ দীৰ্ঘ বিৰতিৰ পিছত জাকজমকতাৰে অনুষ্ঠিত হ’বলৈ গৈ আছে ইণ্ডিয়ান প্রিমিয়াৰ লীগ। মাজত মাত্ৰ দুদিন বাকী। বিগত তিনিটা বছৰে ক’ৰোনাৰ বাবে ভাৰতৰ বাহিৰত নতুবা কেৱল মুম্বাই আৰু পুনেত অনুষ্ঠিত হৈছিল সকলোৰে প্ৰিয় IPLৰ খেল সমূহ। IPL আৰম্ভ হ’লেই যিবোৰ দৰ্শককে খেলপথাৰত গৈ খেল উপভোগ কৰিছিল, তেওঁলোকও কিন্তু এই তিনিবছৰে টিভিতেই সীমাবদ্ধ হৈ থাকিব লগীয়া হৈছিল।
কিন্তু এতিয়া আৰু ঘৰতেই বহি চাব নালাগে। কভিড প্ৰায় শেষ হৈছে যিহেতু বিচিচিআই খেলপথাৰত দৰ্শকে খেল চাব পৰা কৈ অনুমতি প্ৰদান কৰিছে।
IPL বুলি ক’লেই সদায় জাকজমকতাৰে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানৰ কথাও মনলৈ আঙে। বিগত বছৰকেইটাত কোনো উদ্বোধনী অনুষ্ঠানৰো আয়োজন কৰা হোৱা নাছিল। কিন্তু এইবাৰ পুনৰ তিনিটা বছৰৰ পিছত উভতি আহিছে উদ্বোধনী অনুষ্ঠান। লগতে, পুনৰবাৰ আই পি এলত হোম এণ্ড এৱে ফ্ৰমেটত খেল সমূহ অনুষ্ঠিত হ’ব ।
৩১ মাৰ্চত আৰম্ভ হ’বলীয়া IPL উদ্ধোধনী অনুষ্ঠান খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। জানিব পৰা অনুসৰি, উদ্বোধনী অনুষ্ঠানত বলীউডৰ বহু শিল্পীৰ সমাৱেশ ঘটিব। তাৰে ভিতৰত টাইগাৰ শ্ৰফ, কেটৰিণা কাঈফ, ৰশ্মিকা মান্ধানা আৰু তামান্না ভাটিয়াই অনুষ্ঠান পৰিৱেশন কৰিব৷ গীত গাবৰ বাবে আমন্ত্ৰণ জনাইছে অৰিজিৎ সিঙক।
প্ৰথম উদ্ধোধনী খেলত নিয়ম অনুসৰি যোৱাবাৰৰ চেম্পিয়ন দলটোৱে প্ৰথমখন মেচত খেলিব। গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব প্ৰথম দিনাৰ খেল। কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে বিশ্ব সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখনত প্ৰথমখন মেচৰ টিকট ইতিমধ্যে শেষ হৈছে।
উল্লেখযোগ্য যে, এইবাৰ অসমৰ ক্ৰিকেটপ্ৰেমী সকলৰ বাবেও সুকীয় উৎসাহ। অসমৰ নিজা দল নাই যদিও অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ গৈ আছে আইপিএলৰ খেল। ৰাজস্থান ৰয়েলছ দলে গুৱাহাটীস্থিত বৰ্ষাপাৰা ষ্টেডিয়ামক দ্বিতীয় ঘৰুৱা খেলপথাৰ হিচাপে বাচনি কৰিছে।
গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেল দুখন এপ্ৰিলৰ ৫ আৰু ৮ তাৰিখে অনুষ্ঠিত হ’ব। প্ৰথমখন খেল ৰাজস্থানে পঞ্জাৱ কিংছৰ মুখামুখি হোৱাৰ লগতে দ্বিতীয়খন খেল দিল্লী কেপিটেলছৰ বিৰুদ্ধে যুঁজ দিব।
এক কথাত ক’বলৈ গ’লে অসমৰ ৰিয়ান পৰাগক অসমবাসীয়ে দুটা দিন পোনপতীয়াকৈ সমৰ্থন কৰা সুযোগ পাব। ইতিমধ্যে ACA য়ে দুটা দিনৰ খেল উপভোগৰ বাবে অনলাইন টিকত মুকলি কৰি দিছে BOOK My Show ত ।
আপুনি জানেনে আপোনাৰ প্ৰিয় খেলুৱৈ গৰাকী কোনটো দলত খেলিছে,
মুম্বাই ইণ্ডিয়ান
ৰোহিত শৰ্মা, ঈশান কিষাণ, যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ, টিম ডেভিদ, তিলক বাৰ্মা, ডেনিয়েল চামছ, টাইমল মিলছ, মায়াংক মাৰ্কাণ্ডে, ৰমনদীপ সিং, অৰ্জুন তেণ্ডুলকাৰ, হৃত্বিক শ্বকিন, জোফ্ৰা আৰ্চাৰ, ৰিলে মেৰেডিথ, আৰিয়ান জুয়াল
গুজৰাট টাইটানচ
হাৰ্ডিক পাণ্ডিয়া, শুভমান গিল, ৰাহুল তেৱাটিয়া, ৰছিদ খান, ডেভিদ মিলাৰ, মহম্মদ ছামী, লকি ফাৰ্গুচন, যশ দয়াল, অভিনৱ মনোহৰ, মেথিউ ৱেড, ঋদ্ধিমান সাহা, জয়ন্ত যাদৱ, আলজাৰি জোছেফ, নুৰ আহমেদ, চাই কিশোৰ
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
ফাফ ডু প্লেচিছ, বিৰাট কোহলী, ৰজত পাতিদাৰ, দিনেশ কাৰ্তিক, ৱানিন্দু হাচাৰাঙ্গা, জছ হেজলউড, অনুজ ৰাৱট, হৰ্ষল পেটেল, শ্বাহবাজ আহমেদ, সুয়াশ এছ প্ৰভুদেচাই, আকাশ দীপ, আনিশ্বেৰ গৌতম, মহম্মদ চিৰাজ, চামা মিলিন্দ, গ্লেন মেক্সৱেল
দিল্লী কেপিটেলছ
ঋষভ পন্ত, ডেভিদ ৱাৰ্ণাৰ, পৃথ্বী শ্ব, ৰোভমেন পাৱেল, অক্সাৰ পেটেল, ললিত যাদৱ, মিচেল মাৰ্শ, চৰফৰাজ খান, যশ ধুল, অনৰিখ নৰ্টজে, চেতন চাকাৰিয়া, কুলদীপ যাদৱ, শাৰ্দুল ঠাকুৰ, খলিল আহমেদ, মুস্তাফিজুৰ ৰহমান
লগতে পঢ়ক – মুকলি আকাশৰ তললৈ APSC কেলেংকাৰিৰ মূল অভিযুক্ত ৰাকেশ পাল
পাঞ্জাৱ কিংছ
মায়াংক আগৰৱালা, শিখৰ ধাৱান, লিয়াম লিভিংষ্টোন, আৰ্শদীপ সিং, শ্বাহৰুখ খান, জিতেশ শৰ্মা, ৰাহুল চাহাৰ, জনি বেয়াৰস্টো, ভানুকা ৰাজপাক্ষে, কাগিছো ৰাবাডা, হৰপ্ৰীত ব্ৰাৰ, প্ৰেৰক মানকাড, ঋষি ধাৱান, নাথান এলিছ, বৈভৱ অৰোৰা
ৰাজস্থান ৰয়েলছ
সঞ্জু চেমছন, জছ বাটলাৰ, যুজবেন্দ্ৰ চাহাল, ট্ৰেণ্ট ব’ল্ট, আৰ অশ্বিন, যশস্বী জয়ছৱাল, প্ৰসিদ্ধ কৃষ্ণা, দেৱদত্ত পদ্দিকাল, চিমৰন হেটমেয়াৰ, ৰাছি ভান ডেৰ ডুছেন, জিমি নিছাম, ধ্ৰুৱ জুৰেল, শুভম গড়ৱাল, কুলদীপ সেন, ওবেদ মেককয়
কলকাতা নাইট ৰাইডাৰ্ছ
শ্ৰেয়াছ আয়াৰ, নীতিশ ৰাণা, আন্দ্ৰে ৰাছেল, পেট কামিন্স, সুনীল নাৰিন, ছেম বিলিংছ, ৰিংকু সিং, অভিজিত তোমাৰ, অনুকুল ৰয়, চামিকা কৰুণাৰতনে, ভেঙ্কটেশ আয়াৰ, উমেশ যাদৱ, টিম চাউদি, বৰুণ চক্ৰৱৰ্তী, ৰশিখ দাৰ
চেন্নাই চুপাৰ কিংছ
এম এছ ধোনী, মুকেশ চৌধুৰী, ডেভন কনৱে, দীপক চাহাৰ, মহেশ থিকশানা, ক্ৰিছ জৰ্ডান, দ্ৱাইন প্ৰিটোৰিয়াছ, চিমাৰজিৎ সিং, প্ৰশান্ত চোলাঙ্কি, মথিশা পাথিৰানা, ৰুতুৰাজ গায়কৱাড, মইন আলী, ৰাজবৰ্ধন হাংগাৰগেকাৰ, শিৱম দুবে, এডাম মিলনে
লক্ষ্ণৌ চুপাৰজায়ান্টচ
কে এল ৰাহুল, কুইন্টন ডি কক, মাৰ্কাছ ষ্টইনিছ, ক্ৰুণাল পাণ্ডিয়া, দীপক হুডা, আবেশ খান, মহছিন খান, ৰবি বিষ্ণোই, আয়ুষ বাডোনি, মনন ভোহৰা, কে গৌথম, কৰণ শৰ্মা, কাইল মায়াৰ্ছ, দুষ্মন্ত চামিৰা, এণ্ড্ৰিউ টাই
ছানৰাইজাৰ্ছ হায়দৰাবাদ
কেন উইলিয়ামচন, এডেন মাৰ্ক্ৰাম, নিকোলাছ পুৰাণ, প্ৰিয়ম গাৰ্গ, অভিষেক শৰ্মা, ৰাহুল ত্ৰিপাঠী, আব্দুল চামাদ, ৰোমাৰিঅ শ্বেফৰ্ড, শশাংক সিং, ৱাশ্বিংটন সুন্দৰ, ভুৱনেশ্বৰ কুমাৰ, ফজলহক ফাৰুকী, কাৰ্তিক ত্যাগী, টি নটৰাজন, উমৰণ মালিক
লগতে পঢ়ক – মুকলি আকাশৰ তললৈ APSC কেলেংকাৰিৰ মূল অভিযুক্ত ৰাকেশ পাল