নিউজ ডেস্ক: চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পইণ্ট তালিকাৰ শীৰ্ষ স্থানত উপনিত হৈছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। শনিবাৰে দলটোৱে কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি ১১খন মেচত অষ্টম জয় সাব্যস্ত কৰে।
পুনেৰ MCA ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছ জিকি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ প্ৰথমে বেট ধৰিবলৈ দিয়ে। দলটোৱে ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত কে কে আৰক ১৭৭ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।
লক্ষ্ণৌ ছুপাৰ ৰাইডাৰ্ছৰ বৈ Quinton de Kock –এ মাত্ৰ ২৯ টা বলতে সৰ্বাধিক ৫০ ৰাণ সংগ্ৰহ কৰে।
আনহাতে ১৭৭ ৰাণৰ লক্ষ্য লৈ বেটিং আৰম্ভ কৰা কে কে আৰৰ আৰম্ভণি হোৱা নাছিল। দলটোৱে ৰান যোগ কৰাৰ আগতে অপেনাৰ ইন্দ্ৰজিতৰ উইকেট হেৰোৱাই প্ৰথমটো আঘাত পোৱাৰ পিছত মাত্ৰ ১১ ৰাণত পুনৰ কেপ্টেইন শ্ৰেয়াছ আয়াৰৰ ৰূপত দ্বিতীয়টো উইকেট হেৰোৱায়।
কলকাতা নাইট ৰাইডাৰ্ছে ১০১ ৰাণতে সকলো উইকেট হেৰোৱাই ৭৫ ৰাণত পৰাস্ত হ’বলগীয়া হয়। লক্ষ্ণৌৰ হৈ অভেশ খান আৰু জেছন হলডাৰে মচখনত ৩টাকৈ উইকেট দখল কৰে।
কালিৰ জয়ৰ পিছতে লক্ষ্ণৌ ছুপাৰ ৰাইডাৰ্ছে গুজৰাট টাইটানছক পিছ পেলাই নিজৰ বাবে শীৰ্ষ স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক – Coronavirus update: দেশত নতুনকৈ ৩,৮০৫ জন লোক ক’ভিডত আক্ৰান্ত