নিউজ ডেস্কঃ গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ গৈ আছে IPL ৰ খেল। বৰ্ষাপাৰা ষ্টেডিয়ামত আজি ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছৰ মাজত মেচ অনুষ্ঠিত হ’ব। সন্ধিয়া ৭.৩০ বজাৰ লগে লগেই আৰম্ভ হ’ব খেল।

টিকত কাটিব নোৱাৰা সকলে গুৱাহাটীত অনুষ্ঠিত খেল চাবলৈ মোবাইলত Jio Cinema এপৰ জৰিয়তে চাব পাৰিব আৰু টিভিত Star Sports চেনেলত চাব পাৰিব।

প্ৰথমবাৰৰ বাবে IPL খেল অনুষ্ঠিত হ’বলৈ গৈ থকা আজি খেলৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে ACA য়ে। কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ লগতে উত্তৰ পূবৰ বিভিন্ন সাংস্কৃতিক দলে পৰিৱেশন কৰিব গীত-নাচ অনুষ্ঠান। লগতে থাকিব লেজাৰ শ্ব’। খেলৰ শেষত প্ৰদৰ্শন কৰা হ’ব আতচবাজি।

জানিব পৰা অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামলৈ আহিব।

প্ৰথমবাৰৰ বাবে খেল অনুষ্ঠিত হ’বলৈ গৈ থকা ক্ৰিকেটপ্ৰেমীৰ মাজত দেখা গৈছে যথেষ্ট উৎসাহ। কিন্তু এই উৎসাহ অলপ বাধা দিছে গুৱাহাটীৰ আজিৰ বতৰে। খেলৰ সময়ত বৰষুণ হ’ব নেকি তাক লৈ চিন্তিত ক্ৰিকেটপ্ৰেমী সকল।

মঙলবাৰে সংবাদ মেলত সম্বোধন কৰি অসম সন্তান তথা ৰাজস্থান ৰয়েলছৰ খেলুৱৈ ৰিয়ান পৰাগে কয় যে, তেওঁ খেলখনৰ বাবে যথেষ্ট উৎসাহী। যিহেতু গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ গৈ আছে IPL।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও মঙলবাৰে নিশা ৰাজস্থান ৰয়েলছৰ সমূহ খেলুৱৈৰ সৈতে একে লগে নৈশ ভোজন কৰে আৰু বাৰ্তালাপ কৰে।

উল্লেখযোগ্য যে, দৰ্শকৰ বাবে ষ্টেডিয়ামৰ গেট ৪ বজাৰ লগে লগে খুলি দিব। লগতে, ষ্টেডিয়ামৰ ভিতৰত কিছু সামগ্ৰী নিয়াৰ বাবে নিষিদ্ধ কৰা হৈছে। সামগ্ৰী সমূহ হৈছে- পানীৰ বটল, লাইটাৰ, শীতল পানী জাতীয় খাদ্য, বাদ্য যন্ত্ৰ, লোহাৰ বাকচ, আতচবাজি, সকলো ধৰণৰ মাৰণাস্ত্ৰ, হেলমেট, বেগ বা যিকোনো সামগ্ৰী যিয়ে আন দৰ্শকক আমনি দিব পাৰে।

আপুনি জানেনে দলকেইটা থকা খেলুৱৈৰ নাম? যদি নাজানে জানোঁ আহক,

ৰাজস্থান ৰয়েলছ

সঞ্জু চেমছন, জছ বাটলাৰ, যুজবেন্দ্ৰ চাহাল, ট্ৰেণ্ট ব’ল্ট, আৰ অশ্বিন, যশস্বী জয়ছৱাল, প্ৰসিদ্ধ কৃষ্ণা, দেৱদত্ত পদ্দিকাল, চিমৰন হেটমেয়াৰ, ৰাছি ভান ডেৰ ডুছেন, জিমি নিছাম, ধ্ৰুৱ জুৰেল, শুভম গড়ৱাল, কুলদীপ সেন, ওবেদ মেককয়

পাঞ্জাৱ কিংছ মায়াংক আগৰৱালা, শিখৰ ধাৱান, লিয়াম লিভিংষ্টোন, আৰ্শদীপ সিং, শ্বাহৰুখ খান, জিতেশ শৰ্মা, ৰাহুল চাহাৰ, জনি বেয়াৰস্টো, ভানুকা ৰাজপাক্ষে, কাগিছো ৰাবাডা, হৰপ্ৰীত ব্ৰাৰ, প্ৰেৰক মানকাড, ঋষি ধাৱান, নাথান এলিছ, বৈভৱ অৰোৰা

লগতে পঢ়ক – “মই কোনো অপৰাধ কৰা নাই” – Donald Trump, ৫৭ মিনিট জোৰা আদালতত শুনানি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply