নিউজ ডেস্কঃ আজি আইপিএলৰ ৩৩ সংখ্যক মেচখনত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলপথাৰত নামিব মুম্বাই ইণ্ডিয়ানছ। আজিৰ এই মেচখনত মুম্বাই ইণ্ডিয়ানছ জয়ী হোৱাৰ সম্ভাৱনা অধিক।
সন্ধিয়া ৭.৩০ বজাৰ পৰা মুম্বাইৰ ড০ ডি ৱাই পাটেল স্পৰ্টছ একাডেমীৰ ষ্টেডিয়ামত খেলা হ’ব এইখন মেচ। যোৱা কেইখনমান মেচত মুম্বাই দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ ভাল খেল প্ৰদৰ্শন কৰা নাই যদিও আজিৰ মেচখনত ভাল খেল খেলিব বুলি আশা কৰিছে ক্ৰীড়া প্ৰেমীসকলে।
ইফালে, চেন্নাই দলত আছে নতুনকৈ এইবাৰ দলটোৰ অধিনায়কৰ দায়িত্ব লোৱা ৰবীন্দ্ৰ জাডেজা। লগত আছে অভিজ্ঞ আৰু দিগ্বজ খেলুৱৈ এম এছ ধোনী। ইতিমধ্যে চেন্নাইয়ে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।