নিউজ ডেস্কঃ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলপথাৰত নামিছে দিল্লী কেপিটেলছ। মেচখনৰ পূৰ্বে টছত জয়ী হৈ দিল্লীয়ে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মুম্বাইৰ তৰফৰ পৰা ক্ৰীজত প্ৰথমে নামে অধিনায়ক ৰোহিত শৰ্মা আৰু ইশান কিষাণে।

ৰোহিত শৰ্মাই ৩২ বলত ৪১ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ পাছত ক্ৰীজলৈ আহে আনমোলপ্ৰীত সিং, তিলক বাৰ্মা, কেইৰণ পোলাৰ্ড, টিম ডেভিড, ডেনিয়েলছ ছেমছ।

অৱশ্যে মুম্বাইৰ বেটছমেন ইশান কিষাণে আৰম্ভণিৰে পৰা ক্ৰীজলৈ আহি দলটোৰ হৈ অন্তিমটো বললৈকে আউট নোহোৱাকৈ বেটিং কৰে আৰু সংগ্ৰহ কৰে ৮১ ৰান।

২০ অভাৰত মুম্বাই ইণ্ডিয়ানছে ১৭৭ ৰান সংগ্ৰহ কৰি দিল্লী কেপিটেলছৰ সন্মুখত ১৭৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে। উল্লেখ্য যে, ডেনিয়েলছ গেমছেও ক্ৰীজত নামি প্ৰথমটো বলতে ছিক্স মাৰে আৰু মেচখনত তেওঁ দুটা বলত সংগ্ৰহ কৰে ৭ ৰান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply