নিউজ ডেস্কঃ আইপিএলত আজি খেলপথাৰত নামিছে পঞ্জাৱৰ বিৰুদ্ধে হায়দৰাবাদ। ইতিমধ্যে মেচখনৰ টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে হায়দৰাবাদে। আজিৰ মেচখনত পঞ্জাৱৰ দলটো জয়ী হোৱাৰ সম্ভাৱনা কিছু বেছি। উল্লেখ্য যে, আইপিএলৰ আজিৰ মেচখন খেলা হৈছে নতুন মুম্বাইৰ ড০ ডি ৱাই পাটেল স্পৰ্টছ একাডেমী ষ্টেডিয়ামত।

আজিৰ মেচখনত পঞ্জাৱৰ দলটোত আছে ক্ৰমে- অধিনায়ক শেখৰ ধৱন, জনী বেইৰষ্ট, প্ৰাভসীমৰণ সিং, লিয়াম লিভিংষ্টন, জীতেশ শৰ্মা, শ্বাহৰুখ খান, অডিন স্মিথ, কাগিছ ৰাবাডা, ৰাহুল চহৰ, বৈভৱ অৰোৰা আৰু অৰ্শ্বদীপ সিং।

আনহাতে, হায়দৰাবাদৰ দলটোত থকা খেলুৱৈসকল ক্ৰমে- অধিনায়ক কেন ৱিলিয়ামছন, অভিষেক শৰ্মা, ৰাহুল ত্ৰিপাঠী, এইডীন মাৰক্ৰম, নিকোলাছ পুৰাণ, শশাংক সিং, জগদীশ্ব সুছিথ, মাৰ্কো জেনছন, ভূৱনেশ্বৰ কুমাৰ, টি নাটাৰজন আৰু উমৰন মালিক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply