নিউজ ডেস্ক: অহা ২০ মাৰ্চত গোৱাৰ মৰগাউৰ জৱাহাৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ২০২১-২২ বৰ্ষৰ হিৰো ISL-ৰ চূড়ান্ত মেচ। এইবাৰৰ সৈতে চুতুৰ্থবাৰৰ বাবে ষ্টেডিয়ামটোত ISL-ৰ চূড়ান্ত মেচ অনুষ্ঠিত হ’ব।

বৃহস্পতিবাৰে ইণ্ডিয়ান ছুপাৰ লীগৰ আয়োজক Football Sports Development Limited (FSDL)-এ প্ৰতিযোগিতাৰ তালিকা প্ৰকাশ কৰে। সেই অনুসৰি ১১-১২ মাৰ্চ আৰু ১৫-১৬ মাৰ্চত দুটা লেগৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে ISL-ৰ এইটো ছিজনত ২৯ পইণ্টেৰে হায়দৰাবাদ এফ চি প্ৰথম স্থানত থকাৰ বিপৰীতে ১০ পইণ্টেৰে নৰ্থইষ্ট ইউনাইটেড এফ চি একাদশ স্থানত আছে।

অহা ৭ মাৰ্চত লীগ পৰ্য্যায়ৰ খেলসমূহ অন্ত পৰিব। এইবাৰৰ ISL-ৰ ছেমিফাইনেল আৰু ফাইনেল খেলৰ দিন কেইটা হৈছে –

শুকুৰবাৰ, ১১ মাৰ্চ – ছেমিফাইনেল ১ প্ৰথম লেগ

শনিবাৰ, ১২ মাৰ্চ – ছেমিফাইনেল ২ প্ৰথম লেগ

মঙলবাৰ, ১৫ মাৰ্চ – ছেমিফাইনেল ১ দ্বিতীয় লেগ

বুধবাৰ, ১৬ মাৰ্চ – ছেমিফাইনেল ২ দ্বিতীয় লেগ

দেওবাৰ, ২০ মাৰ্চ ফাইনেল।

লগতে পঢ়ক – সোণাৰিত জলজীৱন মিচনৰ অধীনত পানী যোগান আঁচনিৰ আধাৰ শিলা স্থাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply