যোৰহাটঃ অসমৰ অন্যতম গুৰুত্বপূৰ্ণ এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে অইল ইণ্ডিয়া দলক এখন খেলত ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অর্জন কৰে।

খেলৰ প্ৰথমাৰ্ধত অইল ইণ্ডিয়াৰ উপৰ্যুপৰি আক্ৰমণত চেদেলি ভেদেলি হৈ পৰে বিদ্যুৎ দলৰ ৰক্ষণ বিভাগ। খেলৰ প্ৰথমাৰ্ধত অইলৰ দলৰ সুদক্ষ গল ৰক্ষক অৰুপ বৰুৱাৰ সুন্দৰ প্রদর্শনত ধৰাশায়ী হয় বিদ্যুৎ পৰিষদ দল। এটা পেনালটিৰ জৰিয়তে খেলত প্ৰথম অগ্ৰগতি লাভ কৰে অইল ইণ্ডিয়া দলে। অইল ইণ্ডিয়া দলৰ ৰাহুল দাসে চেণ্টাৰ পজিশ্বনৰ পৰা বল লৈ বিদ্যুতৰ বক্সত প্ৰৱেশ কৰোতে বিদ্যুতৰ ৰক্ষণ বিভাগৰ খেলুৱৈয়ে বাধা দিয়াত ৰেফাৰীয়ে পেনালটি ঘোষণা কৰে।

উক্ত পেনালটি গললৈ ৰূপান্তৰ কৰি অইল ইণ্ডিয়া দলক খেলৰ প্ৰথমাৰ্ধৰ ১১ মিনিটত ১-০ গলৰ অগ্ৰগতি প্ৰদান কৰে মিন্টু বড়োৱে। ইয়াৰ পাছত বিদ্যুৎ দলে সমতা স্থাপন কৰিবৰ বাবে আপ্ৰাণ চেষ্টা কৰে যদিও ব্যৰ্থ হয় অইল ইণ্ডিয়াৰ ৰক্ষণ বিভাগৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে। যাৰ ফলত খেলৰ প্ৰথমাৰ্ধত ১-০ গলত অগ্ৰগতি লাভ কৰে অইল ইণ্ডিয়া দলে।

খেলৰ দ্বিতীয়াৰ্ধত কাউণ্টাৰ এটেকত বিদ্যুৎ দলৰ হৈ সমতা স্থাপন কৰে ত্ৰিদেৱ বড়োৱে। (১-১) ইয়াৰ পিছত পুনৰ এবাৰ আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি বিদ্যুৎ দলে খেলৰ ব্যৱধান ২-১ লৈ বৃদ্ধি কৰে।ইয়াৰ পাছত অইল দলে সমতা স্থাপনৰ আপ্ৰাণ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। ফলত বিদ্যুৎ দলে ৫৭ সংখ্যক এ টি পি এ প্রতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply