বাংগালুৰুত অনুষ্ঠিত নেচনেল একুৱাটিক চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ চমকপ্ৰদ প্রদর্শন কৰিবলৈ সক্ষম হৈছে। ৪৭ সংখ্যক জুনিয়ৰ আৰু ৩৭ সংখ্যক ছাব জুনিয়ৰ শাখাত অনুষ্ঠিত খেলত অসমে ৩১ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়।
জুনিয়ৰ তথা ছাব-জুনিয়ৰ শাখাত অনুষ্ঠিত খেলত অসমৰ সন্তৰণবিদসকলে অসমে ৯ টাকৈ স্বৰ্ণ, ১১ টাকৈ ৰূপ আৰু ১১টা ব্ৰঞ্জ লাভ কৰি কঢ়িয়াই আনিছে ৰাজ্যলৈ সুনাম।
প্ৰতিযোগিতাৰ প্ৰথমটো দিনতে ছাব- জুনিয়ৰ শাখাত শিৱসাগৰৰ আদ্ৰেজাৰাণী চেতিয়াই ৩ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়। ৯ বছৰ অনুৰ্ধ শাখাত আদ্ৰেজাৰাণীয়ে ২ টা স্বৰ্ণ আৰু ১ টা ৰূপ লাভ কৰে।
ইপিনে অসমৰ আন এগৰাকী তাৰকা সাঁতোৰবিদ আস্থা চৌধুৰীয়ে ৰাষ্ট্ৰীয় অভিলেখ স্থাপনৰে স্বৰ্ণ আজুৰি আনিবলৈ সক্ষম হয়। আস্থাই ছোৱালীৰ ১০০ মিটাৰ বাটাৰফ্লাইত এই অভিলেখ গঢ়ে।
আদ্ৰেজাৰাণী, আস্থা চৌধুৰীৰ বাহিৰেও প্ৰতিযোগিতাখনত উজলি উঠে আন বহুকেইগৰাকী সাঁতোৰবিদ। সেইসকলৰ ভিতৰত অনাশা শৰ্মা, আয়ুস বৰা, ভূমিকা কাশ্যপ, জাহ্নৱী কাশ্যপ, ভাৰ্গৱ ফুকন, জনঞ্জয় জ্যোতি হাজৰিকা আদি অন্যতম।
জাহ্নৱী কাশ্যপে ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপ জয় কৰাৰ লগতে ৫০ মিটাৰ ফ্ৰী ষ্টাইলতো লাভ কৰে ব্ৰঞ্জৰ পদক। ইপিনে ভাৰ্গৱ ফুকনে ২০০ মিটাৰ ব্রেষ্ট ষ্ট্ৰ’কত ৰূপ আৰু ফ্ৰী ষ্টাইল ৰিলেত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
ডাইভিঙত পোন প্ৰথমবাৰৰ বাবে অংশ লৈ অসমে দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, অসমে ৱাটাৰ প’ল’ আৰু ডাইভিঙত পোন প্ৰথমবাৰৰ বাবে অংশ লয় অসমে। অসম দলটোৰ প্ৰশিক্ষক হিচাবে আছে বাবুল গুৰুং। অসমৰ সামগ্ৰিক সাফল্যত দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে।
লগতে পঢ়ক-বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী