নতুন আপ চৰকাৰে দায়িত্ব লোৱাৰ প্ৰাকমুহূৰ্তত পঞ্জাৱৰ জলন্ধৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈক গুলিয়াই হত্যা কৰিলে অচিনাক্ত বন্দুকধাৰীয়ে।


২০ জাই গুলীত প্ৰাণ হেৰুৱালে আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ সন্দীপ নাংগালে। জলন্ধৰৰ মলিয়ান গাঁৱৰ কাবাডী কাপত এই অঘটন। ঘটনা সংঘটিত কৰি দুৰ্বৃত্তই পলায়ন কৰে।


ভাৰতৰ লগতে কানাডা, আমেৰিকা, ব্ৰিটেইন আদি দেশত অতিকে জনপ্ৰিয় সন্দীপক কিয় হত্যা কৰিলে সেই কথা এতিয়াও পোহৰলৈ অহা নাই।

প্ৰফেচনেল খেলুৱৈ গৰাকী যোৱা এক দশক ধৰি বিভিন্ন দেশত খেল খেলি আহিছে। এই ঘটনাক লৈ স্তম্ভিত ক্ৰীড়া বিশ্ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply