Martial arts fighter

গুৱাহাটী : ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত ২০ আৰু ২১ নৱেম্বৰত অসম অলিম্পিক সন্থাৰ তত্বাবধানত গঠিত অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটিৰ উদ্যোগত অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনত মুঠ ৩২ খন জিলা আৰু মহকুমাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

অংশগ্ৰহণ কৰিবলগীয়া দলসমূহ হ’ল তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, মাজুলী, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, যোৰহাট, বিশ্বনাথ, গোলাঘাট, কাৰ্বি আংলং, শোণিতপুৰ, নগাঁও, হোজাই, কাছাৰ, মৰিগাঁও, দৰং, গুৱাহাটী, বাক্সা, নলবাৰী, কামৰূপ, বৰপেটা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, ধুবৰী, ৰঙিয়া, তিতাবৰ, নাজিৰা, বোকাখাত আৰু বজালী। প্ৰতিযোগিতাখন ছাব-জুনিয়ৰ, কে়ডেট, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত হ’ব।

লগতে পঢ়ক :  ৰাজীৱ ভৱনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে স্মৃতিচাৰণৰ লগতে প্ৰাৰ্থনা সভা

শণিবাৰে পুৱা ৮ বজাৰ পৰা প্ৰতিযোগিতাৰ বিভিন্ন শাখাৰ খেলসমূহ আৰম্ভ হোৱাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply