নিউজ ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা নতুনকৈ মেজৰ ধ্যান চান্দৰ নামেৰে নামাকৰণ কৰাৰ কথা ঘোষণা কৰে।পূৰ্বতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামেৰে নামাকৰণ কৰা দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটাক এতিয়া ভাৰতৰ অন্যতম মহান হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ নামেৰে নামাকৰণ কৰা হ’ব।


প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে কয়,”মই সমগ্ৰ ভাৰতৰ নাগৰিকসকলৰ পৰা মেজৰ ধ্যান চান্দৰ নামেৰে খেল ৰত্ন বঁটাক নামাকৰণ কৰিবলৈ বহুতো অনুৰোধ পাইছিলো। তেওঁলোকৰ মতামতৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো। তেওঁলোকৰ অনুভূতিক সন্মান জনাই এই খেল ৰত্ন বঁটাক এতিয়াৰে পৰা মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা বুলি কোৱা হ’ব।
১৯৯১ – ৯২ চনত দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীব গান্ধীৰ নামত আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে | এই বঁটা লাভ কৰা জনে নগদ ২৫ লাখসহ প্ৰমাণপত্ৰ আৰু ট্ৰফী প্ৰদান কৰি আহিছে । প্ৰধানমন্ত্ৰীৰ এই ঘোষনাক আদৰণি জনাইছে ধ্যানচাদৰ পুত্ৰ অশোক কুমাৰে । মেজৰ ধ্যান চান্দ ১৯২৮, ১৯৩২, আৰু ১৯৩৬ ৰ অলিম্পিক বিজয়ী ভাৰতীয় হকী দলৰ মূল তাৰকা আছিল।

লগতে পঢ়ক মীৰাবাঈ চানুৱে বিচাৰি পালেগৈ ট্ৰাক চালকসকলক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply