স্প’ৰ্টছ ডেস্ক – ৬০০ টি-২০ মেচ! অবিশ্বাস্য! এজন খেলুৱৈৰ নামৰ পিছফালে লিখা যাব এই অবিশ্বাস্য ৰেকৰ্ড। ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ কাইৰন প’লাৰ্ড সোমবাৰে ৬০০ খন টি-২০ মেচ খেলা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। লৰ্ডছত চলি থকা দ্য হাণ্ড্ৰেড টুৰ্ণামেণ্টত মানচেষ্টাৰ অৰিজিনেলছৰ বিৰুদ্ধে লণ্ডন স্পিৰিটছৰ খেলখনত খেলপথাৰত নমাৰ লগে লগে এই কৃতিত্ব অৰ্জন কৰে ত্ৰিনিদাদ এণ্ড ট’বেগ’ৰ ক্ৰিকেটাৰজনে।

৬০০ তম খেলখনতো স্বভাৱসিদ্ধ বেটিঙেৰে পোলাৰ্ডে মাত্ৰ ১১ টা বলত এটা চাৰি আৰু চাৰিটা বিশাল ছয়ৰ সহায়ত অপৰাজিত ৩৪ ৰাণ কৰিছিল।

প’লাৰ্ডে ৬০০ খন খেলত ৩১.৩৪ গড়ে ১১,৭২৩ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিগত প্ৰদৰ্শন হৈছে ১০৪ ৰাণ। পোলাৰ্ডে এই ফৰ্মেটত এটা শতক আৰু ৫৬ টা অৰ্ধ-শতক অৰ্জন কৰিছে। তেওঁৰ শ্ৰেষ্ঠ বলিং পৰিসংখ্যা ৪/১৫। এই পৰ্যন্ত এই ফৰ্মেটত লাভ কৰিছে ৩০৯ টা উইকেট।

উল্লেখ্য যে প’লাৰ্ডে তেওঁৰ কেৰিয়াৰত কেইবাটাও টি-২০ দলক প্ৰতিনিধিত্ব কৰিছে। বিশেষকৈ তেওঁ ৱেষ্ট ইণ্ডিজ ৰাষ্ট্ৰীয় দল, ঘৰুৱা দল ত্ৰিনিদাদ এণ্ড টোবেগো, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ – IPL ত মুম্বাই ইণ্ডিয়ানছ, বিগ বেছ লীগত এডিলেড ষ্ট্ৰাইকাৰছ আৰু মেলবৰ্ণ ৰেনেগেডছ, বাংলাদেশ প্ৰিমিয়াৰ লীগত ঢাকা গ্লেডিএটাৰ্চ আৰু ঢাকা ডাইনামাইটচ, পাকিস্তান চুপাৰ লীগত কৰাচী কিংছ, মুলতান চুলতানছ আৰু পেছাৱাৰ জালমীক আৰু কেৰিবিয়ান প্ৰিমিয়াৰ লীগত ট্ৰিনবাগো নাইট ৰাইডাৰ্ছক প্ৰতিনিধিত্ব কৰিছে।

আটাইতকৈ বেছি টি-২০ মেচ খেলাৰ ক্ষেত্ৰত পোলাৰ্ডৰ পিছতে আছে ডোৱেন ব্ৰাভো (৫৪৩ খন মেচ), ছোৱেব মালিক (৪৭২), ক্ৰিছ গেইল (৪৬৩) আৰু ৰবি বোপাৰা (৪২৬)।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply