নিউজ ডেস্ক: বিশ্বৰ ভিতৰতে আটাইতকৈ ওখ ঠাইত থকা ষ্টেডিয়াম ধৰমশালাৰ ক্ৰিকেট ষ্টেডিয়ামকো চেৰ পেলাব এইখন নতুন ষ্টেডিয়ামে ৷
হিমাচল প্রদেশতেই নির্মাণ হ’ব বিশ্বৰ সৰ্বোচ্চ উচ্চতাত নিৰ্মাণ হ’বলগীয়া এইখন ক্রিকেট ষ্টেডিয়াম৷ বর্তমান ধৰমশালাত থকা ষ্টেডিয়াম খনেই বিশ্বৰ সুউচ্চ আন্তর্জাতিক ক্রিকেট ষ্টেডিয়াম ৷ নতুন ষ্টেডিয়াম খনে ইয়াৰো অভিলেখ ভংগ কৰিব ৷
হিমাচল প্রদেশৰেই চিচুত নির্মাণ হ’বলগীয়া ক্রিকেট ষ্টেডিয়ামখনেই হ’ব বিশ্বৰ সবাতোকৈ সুউচ্চ ক্রিকেট ষ্টেডিয়াম৷ এই ক্রিকেট ষ্টেডিয়ামখন সমুদ্রপৃষ্ঠৰ পৰা ১০ হাজাৰ ফুট উচ্চতাত আৰু অটল টানেলৰ নিচেই ওচৰতে নির্মাণ হ’ব৷ ইতিমধ্যে ভূমি হস্তান্তৰ আৰু অন্যান্য কাগজ–পত্রৰ কাম–কাজবিলাক সমাপ্ত হৈছে আৰু এই ক্রিকেট ষ্টেডিয়ামখনৰ নির্মাণকার্য আৰম্ভ হৈছে ৷

ষ্টেডিয়ামখনৰ আর্হি আৰু সঠিক স্থানো চিনাক্ত কৰি ২০১৩ চনৰ পৰাই লাহোল–স্পিটি ক্রিকেট এছ’চিয়েচন (এল এছ চি এ)–এ ষ্টেডিয়ামখনৰ নির্মাণকার্য চলাই আছে৷ বন বিভাগে বিশ্বৰ সুউচ্চ ক্রিকেট ষ্টেডিয়ামখন নির্মাণ কৰাৰ বাবে ৩৮ বিঘা ভূমি হস্তান্তৰ কৰিছে৷
স্থানীয় প্রশাসন, পঞ্চায়ত আৰু অঞ্চলবাসীয়ে এই ষ্টেডিয়াখনক লৈ উৎসাহী৷ ইপিনে, শীতকালত ক্রিকেট ষ্টেডিয়ামখন বন্ধ ৰাখিব বুলি লাহাউল–স্পিটি ক্রিকেট এছ’চিয়েচনৰ অধ্যক্ষ সুৰেন্দ্র ঠাকুৰে মন্তব্য কৰি কয় যে বিশ্বৰ ভিতৰতে সুউচ্চ ক্রিকেট ষ্টেডিয়াম হিচাপে নির্মাণ হ’বলগীয়া এই ষ্টেডিয়ামখনত ১০ হাজাৰ দর্শকে একেলগে বহি মেচ উপভোগ কৰিব পাৰিব ৷