টকিঅ’ অলিম্পিক হ’ব নে নহব এতিয়াও অনিশ্চয়তাত তাৰ মাজতে এই অলিম্পিকত এক নতুন অভিলেখ ৰচনাৰ বাবে সাজু হৈছে নিউজিলেন্ডৰ ভাৰত্তোলক ল’ৰেল হাবাৰ্ড । তেও হ’ল অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী তৃতীয় লিংগৰ এথলীট ।
পুৰুষ হিচাপেও প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা হাবাৰ্ডে আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে বিচৰা টেষ্ট’টেৰিয়ন স্তৰৰ পৰীক্ষাৰ ফলাফল প্ৰদৰ্শনৰ পাছত এগৰাকী মহিলা হিচাপে ভাৰোত্তলন কৰিবলৈ যোগ্যতা অৰ্জন কৰে।
তেওঁ টকিঅ’ অলিম্পিকত মহিলাৰ +৮৭ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যিটো শাখাত তেওঁ বৰ্তমান বিশ্বৰ ১৬তম স্থানত আছে। নিউজিলেণ্ড অলিম্পিক কমিটিৰ মুৰব্বী কেৰেয়ান স্মিথয়ে কয় যে ৪৩বছৰীয়া হাবাৰ্ড পুৰুষ হিচাপে জন্মগ্ৰহণ কৰিছিল কিন্তু ৩০বছৰত মহিলালৈ পৰিৱৰ্তন হয়। তেওঁ তৃতীয় লিংগৰ এথলেটৰ বাবে সকলোধৰণৰ অৰ্হতাৰ যোগ্যতা অৰ্জন কৰিছে।
নিউজিলেণ্ডৰ অলিম্পিক কমিটিৰ মূৰব্বী কেৰেয়ান স্মিথে কই যে, ল‘ৰেলে তৃতীয় লিংগৰ এথলিটৰ বাবে প্ৰয়োজনীয় সকলো যোগ্যতা অৰ্জন কৰিছে। তেওঁ কই, আমি স্বীকাৰ কৰো যে, খেলত লিংগ পৰিচয় এক অতি স্পৰ্শকাতৰ তথা জটিল বিষয় আৰু ইয়াত মানুহৰ অধিকাৰ তথা খেলপথাৰৰ স্বচ্ছতাৰ মাজত সন্তুলনৰ প্ৰয়োজন।
লগতে পঢ়ক ভতিজা বোৱাৰীক কোন গৰাকী সংখ্যালঘূ নেতাই দিলে অশ্লীল প্ৰস্তাৱ