কেৰিয়াৰৰ বৃত্তটো ক’ৰবাত অসম্পূৰ্ণ হৈ ৰৈছিল লিঅ’নেল মেছিৰ। গঞ্জালো মণ্টিয়েলৰ টাইব্ৰেকাৰৰ চতুৰ্থ শ্বটত গ’ল কৰাৰ সময়ত মেছিয়ে খেলপথাৰৰ অৰ্বৃধত্তত আঁঠু কাঢ়িছিল। উৰ্ধ্ববাহু মেছি। তেওঁক আগুৰি ধৰিছে পেৰেডেজ, আকুনা, মাৰ্টিনেজে। অৱশেষত স্বপ্নপূৰ্ণ মেছিৰ। আঠ বছৰ আগৰ সেই নিশা, জাৰ্মানীৰ বিৰুদ্ধে অন্তিম মুহুৰ্ত্তত মেছিৰ লগতে বিশ্ববাসী কান্দি উঠিছিল। হয়তো মেছিৰ মন-মগজুক কালিৰ শেই অন্তিম মুহুৰ্ত্তবোৰে বাৰম্বাৰ জোকাৰি গৈছিল। ব্ৰাজিলৰ মাৰাকানাত হোৱা স্বপ্নভংগৰ সেই ক্ষণে কিন্তু অস্থিৰ কৰিব পৰা নাছিল ৰ’জাৰিঅ’ৰ বজ্ৰকঠোৰ আৰ্জেণ্টাইন মনবোৰ। কাৰ নো মনত নাই ২০১৪ ত মেছিয়ে বিশ্বকাপটোলৈ উদাস মনে চোৱা সেই দৃশ্য। হাতত গোল্ডেন বল লৈও অস্থিৰ হৈ পৰিছিল মেছি।

কালি সেই একেই নিশাৰ পুনৰাবৃত্তি। এইবাৰো হাতত গোল্ডেন বল। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠতম খেলুৱৈৰ সন্মান। পিছে এইবাৰ মেছিৰ তিৰবিৰ দুচকুত প্ৰাপ্তিৰ হেজাৰ প্লাৱন। সমগ্ৰ বিশ্বখনেই বুকুৰ মাজত সামৰি লোৱাৰ আনন্দ। শতিকাৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰজনে হাতত স্বৰ্ণিল বলটোৰে সৈতে মঞ্চ এৰি যোৱাৰ আগতে বিশ্বকাপটোলৈ আগুৱাই গৈ চুমা এটা আকি দিছিল। ইয়াতকৈ আনন্দৰ মুহুৰ্ত্ত এগৰাকী খেলুৱৈৰ বাবে আৰুনো কি থাকিব পাৰে? এইটোৱেই সম্ভৱতঃ কাটাৰ বিশ্বকাপৰ সৰ্বশ্ৰেষ্ঠ মুহূৰ্ত আছিল। বাৰে বাৰে চালেও মন-প্ৰাণ নভৰা দৃশ্য।

খেলপথাৰত আর্জেন্টাইন তাৰকাৰ অলআউট প্ৰদৰ্শন এয়েই নতুন নহয়। কেতিয়াবা বিপজ্জনকভাৱে বক্সত সোমাই পৰা টুমেনি বা বাপ্পেৰ ভৰিৰ পৰা বল কাঢ়ি আনিছে, কেতিয়াবা ফিল্ডৰ মধ্যমণি হৈ খেলৰ গতি সলনি কৰিছে। কিন্তু আবেগৰ লাভাস্রোতত এনেদৰে বৈ যোৱা সাধাৰণতে মেছিক দেখা নাযায়। কিন্তু বিশ্বকাপ জিতাৰ পিছত নিজকে আৰু চম্ভালি ৰাখিব নোৱাৰিলে সম্ভৱতঃ বিশ্বৰ আটাইবোৰ ফুটবল সন্মানেৰে বিভূষিত মেছিয়ে। আবেগৰ বিস্ফোৰণতো অলআউট মেছি। সতীর্থ, কোচ, কোচিং ষ্টাফক আলিঙ্গনৰ পিছতে শৈশৱৰ বান্ধৱী আৰু এতিয়াৰ পত্নী এণ্টোনেলা আৰু তিনি পুত্ৰ থিয়াগো, মাটেও আৰু ছিৰোৰ সৈতে এপলক চকুলোও টুকিলে। আবেগিক হৈ পৰিল সকলো। আৰ্জেণ্টিনা ত্যাগ কৰি স্পেইনলৈ গুচি আহি কযঠিন জীৱন আকোৱালিল লোৱা মাকৰ সৈতেও আদৰৰ আলিঙ্গন কেমেৰা বন্দী হ’ল। বিশ্বকাপৰ ইতিহাসৰে অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিশ্বকাপৰ দুটাকৈ স্বৰ্ণিল বল তুলি লোৱাৰ সৌভাগ্য কাৰনো থাকে? এমবাপ্পেৰ দ্বিতীয়টো পেনাল্টি নোহোৱাহেতেন, গোল্ডেন বুটৰো দাবীদাৰেই হ’লহেতেন মেছি। সাতটা গ’ল, চাৰিটা এছিষ্ট, ২০ টাৰো অধিক সুযোগ সৃষ্টিৰে কাটাৰ বিশ্বকাপৰ আটাইতকৈ স্বৰ্ণল মানুহজনেইতো আছিল মেছি।

আঠটা গ’ল কৰি গোল্ডেন বুট লৈ গ’ল মেছি-ৰ’ণাল্ডোৰ উত্তৰসূৰী হিচাপে অহা এমবাপে। গোল্ডেন গ্লোভছ এমিলিয়ানো মার্টিনেজেলৈ। শ্ৰেষ্ঠ উদীয়মান তাৰকা এনজো ফাৰ্ণাণ্ডেজ। কালি মেছিয়ে আকৌ এবাৰ দেখুৱাই গ’ল, প্ৰতিভা, বিচক্ষণতাক বয়সে আচোৰ পেলাব নোৱাৰে।

গতি কমিছে, পিছে বিশালকায় শৰীৰৰ কৃষ্ণাঙ্গ খেলুৱৈৰে গঢ়া ৰক্ষণ বাৰম্বাৰ ভাঙি গ’ল মেছিয়ে। শ্ৰেষ্ঠতম পাছটো যেন মেছিৰ ভৰিৰ পৰাই আশা কৰে খেলপথাৰেও। ফাইনেলৰ প্রথমটো গ’ল পেনাল্টিৰে। দ্বিতীয় গ’লৰ ক্ষেত্রতো মুভটো আৰম্ভ হৈছিল মেছিৰ ভৰিৰ পৰাই। তৃতীয় গ’লটো আছিল মেছিৰ বুদ্ধিদীপ্ততা। তাৰ পিছত টাইব্রেকাৰৰ প্ৰথমটো শ্বট ল’বলৈ আগবাঢ়ি গ’ল অধিনায়ক নিজেই। ইয়াৰ পিছতে মাৰ্টিনেজৰ অনবদ্য ছেভ। তাৰ পিছত লুছাইল কি, সমগ্ৰ বিশ্ব মেছিময়।

নহ’বই বা কিয়? ইয়াৰ পূৰ্বে চাৰিবাৰকৈ বিশ্বকাপৰ পৰা খালী হাতে উভতিছিল ফুটবল সম্ৰাট মেছি। কিন্তু জীৱনৰ সম্ভৱতঃ অন্তিমখন বিশ্বকাপত স্বয়ং ঈশ্বৰেও বিচাৰিছিল, সম্ৰাটৰ হাতৰ স্পৰ্শ অ্বিহনে যেন এই বিশ্বকাপৰ ট্ৰফীয়েই অসম্পূৰ্ণ। উৰ্ধ্ববাহু, উৰ্ধ্বশিৰে কাটাৰ বিশ্বকাপক বিদায় লিঅ’নেল মেছিৰ। ধন্য এই জীৱন, ধন্য ফুটবল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply