মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ লগতে এছিয়ান গেমছৰ বাবে সাজু হৈছে দুই অসম কন্যা। দুই গৰাকী অসমৰ প্ৰতিভাবান বক্সাৰে এই প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।


অসমৰ একমাত্ৰ অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাইৰ লগতে অকুংশিতা বড়োৱেও যোগ্যতা অৰ্জন কৰিছে । নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত বাছনি প্ৰক্ৰিয়াত টকিঅ’ অলিম্পিকত ব্ৰঞ্জ বিজয়ী লাভলীনাৰ লগতে অকুংশিতা বড়োৱে ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰে ।

বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়া চমুকৈ বি এফ আইয়ে এই কথা প্ৰকাশ কৰিছে । ইষ্টানবুলত হ’বলগীয়া আই বি এ মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত লাভলীনাই ৭০ কেজি ওজন শাখাত আৰু অকুংশিতাই ৬৬ কেজি ওজন শাখাত প্ৰতিদ্বন্দিতা কৰিব ।

বি এফ আইৰ বাছনিত ৬৬ কেজি ৱেল্টাৰ ৱেইটত অকুংশিতাই অঞ্জলি তুষাৰক ৭-০ আৰু লাভলীনাই ৭০ কেজি লাইট মিডল ৱেইটত ৰাজস্থানৰ অৰুন্ধতী চৌধুৰীক ৭-০ ব্যৱধানত পৰাস্ত কৰি বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰে । অৱশ্যে, ৭৫ কেজি ওজন শাখাত অসমৰ ভাগ্যৱতী কছাৰীক ৫-২ ব্যৱধানত পৰাস্ত কৰি যোগ্যতা লাভ কৰে চুইটিয়ে ।

সমাগত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ৬ ৰ পৰা ২১ মে’লৈকে ইষ্টানবুলত অনুষ্ঠিত হ’ব । আনহাতে, এই কেইগৰাকী বক্সাৰে চীনৰ হানঝুত ১০ ৰ পৰা ২৫ ছেপ্টেবৰত হ’বলগীয়া এছিয়ান গেমছতো ভাৰতক প্ৰতিনিধিত্ব কৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply