অসম আৰক্ষীৰ DSP পদত যোগদান কৰিলে অসমৰ গৌৰৱ, টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে। আজি জনতা ভৱনত আয়োজিত এক কাৰ্যসূচীত DSP পদত যোগ দিয়ে লাভলিনা বৰগোহাঁইয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতিত লাভলিনাই এই পদত যোগদান কৰে।
উল্লেখ্য যে লাভলিনা বৰগোহাঁই হৈছে অলিম্পিকত পদক জয় কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। টকিঅ’ অলিম্পিকত বক্সাৰ লাভলিনাই ব্ৰঞ্জৰ পদক জয় কৰি অসমৰ ক্ৰীড়া ইতিহাসত ৰচনা কৰিছিল নতুন অধ্যায়ৰ ।

অনুষ্ঠানটোত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত। ইয়াৰ পূৰ্বে হিমা দাসকো অসম আৰক্ষীৰ ডিএছপি পদত নিযুক্তি দিছিল ৰাজ্য চৰকাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply