পদক নিশ্চিত হোৱাৰ পিছতো লাভলীনা লক্ষ্যৰ পৰা আতৰি অহা নাই ৷ আজি ছেমিফাইনেললৈ উন্নীত হৈ লাভলীনাৰ মন্তব্য “তাইৰ লগত মই চাৰিবাৰ হাৰিছোঁ, গতিকে তাইৰ খেল মই জানো৷এতিয়াই এই জয়ক লৈ মই বৰ বেছি ভাবি থকা নাই…মোৰ মন-মগজুত পৰৱৰ্তী খেলখনৰ কথাই দোলা দি আছে।” বিজয়ী হোৱাৰ পাছত লাভলীনাই কৈছে, “মই এতিয়াই ধন্যবাদ বুলি নকওঁ, দুখন খেল বাকী আছে।” লাভলীনাই সোণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
লাভলীনাই ৪ আগষ্টত ছেমিফাইনেল খেলিব মহিলাৰ ৱেল্টাৰৱেইট শাখাৰ বিশ্বৰ প্ৰথম ৰেংকিঙৰ বক্সাৰ বুচেনাজ চাৰমেনেলিৰ বিৰুদ্ধে। বুচেনাজে নিজৰ দুয়োখন খেলত প্ৰতিদ্বন্দীক ৫-০ স্কৰত ধৰাশায়ী কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আজিৰ দিনত জয়ৰ আনন্দ কৰাতকৈ আহিব লগা খেলত প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কেনেকৈ কৰিব পাৰি তাক লৈ ব্যস্ত লাভলীনা৷

ছেমিত লাভলীনাৰ বিপক্ষে থাকিব তুৰ্কীৰ খেলুৱৈ বুছেনাজ ছাৰমেনেলি। বুছেনাজে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিছে ইউক্ৰেইনৰ আন্না লিছেংকোক। লিছেংকোক ৫-০ পইণ্টৰ ব্য়ৱধানত পৰাস্ত কৰিছে বুছেনাজে।
প্ৰতিপক্ষ বুছেনাজ ছাৰমেনেলি হৈছে ৫ ফুট ৭ ইঞ্চি উচ্চতাৰ তুৰস্কৰ খেলুৱৈ। বুছেনাজে ২০১৯ চনত ৰাছিয়াত উলান উড়েত আয়োজিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰিছিল।
ইউৰোপিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। লক্ষণীয় কথাতো হৈছে টকিঅ’ অলিম্পিকৰ দুয়োখন খেলতে বুছেনাজে প্ৰতিপক্ষক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰিছে। অৰ্থাৎ প্ৰতিপক্ষক এক পইণ্ট লোৱাৰো সুযোগ দিয়া নাই এতিয়ালৈকে বুছেনাজে। কেৰিয়াৰৰ ২১খন খেলৰ ভিতৰত ১৬ খনতে জয়লাভ কৰা আৰু মাত্ৰ ৫ খনত পৰাজিত হোৱা বুছেনাজৰ ৰেকৰ্ড যথেষ্ট শক্তিশালী।
স্থিতপ্ৰজ্ঞ লাভলীনা। আশা কৰোঁ তেওঁ সফল হ’ব, আৰু অৱধাৰিতভাৱেই অসম-ভাৰতৰ নাম জ্বিলিকাই তুলিব।
লগতে পঢ়ক পুনৰ ধাৰাবাহিকভাৱে দেশত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্রান্তৰ সংখ্যা