আজিৰ ছেমিফাইনেলত পৰাজয়ৰ পিছতেই লাভলীনাই কয়, “মোৰ প্ৰতিদ্বন্দী শক্তিশালী আছিল, তেওঁৰ বাবে এক ৰণনীতি প্ৰস্তুত কৰিছিলো কিন্তু মই ভবা ধৰণে কাৰ্যকৰী কৰিব পৰা নাছিলো। সেই বিষয়ে বেয়া অনুভৱ কৰিছো,” মই যি পৰিকল্পনা কৰিছিলো তাক কাৰ্যকৰী কৰিব নোৱাৰিলোঁ। মই আৰু ভাল কৰিব পাৰিলোহেঁতেন,” নিজৰ টুইটাৰ একাউন্টত ২০২৪ ৰ পেৰিচ অলিম্পিকৰ বাবে নিজকে সাজু কৰাৰ কথা প্ৰকাশ কৰিছে লাভলীনাই |

অসম কন্যা লাভলীনা বৰগোঁহাই ৯ আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব।টকিঅ’ৰ পৰা নতুন দিল্লী, তাৰপিছত বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হ’ব লাভলীনা।
বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়ত লাভলীনাক ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে।ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনাক সম্বৰ্ধনা জনাব।লাভলীনা বৰগোঁহাইক স্বগৃহত ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে চৰকাৰে আদৰণি জনাব।
গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰত জিলা উপাযুক্তৰ তত্বাৱধানত থাকিব লাভলীনা।অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোঁহাইৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে।লাভলীনাক চৰকাৰে অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৫০ লাখ টকা আৰু APS/ACS পৰ্যায়ৰ চাকৰি প্ৰদান কৰিব।

লগতে পঢ়ক পৰীক্ষা বিহীন মূল্যায়নক লৈ অসন্তোষ্ট নগাৱৰ ছাত্ৰ ছাত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply