লাভলিনা আৰু মেৰীকমক সৈতে চীফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

দেৱজিৎ ফুকন: অলিম্পিকলৈ যাত্ৰাৰ পূৰ্বে মাক দেউতাকৰ আশীৰ্বাদ লৈ ইটালীৰ প্ৰশিক্ষণ স্থলীৰ পৰা লক্ষ্যস্থান টকিঅ’ৰ বক্সিং ৰিঙলৈ যাত্ৰা ৷ ৫ ফুট ১০ ইঞ্চি উচ্চতাৰ ২৩ বছৰীয়া বক্সাৰ গৰাকীয়ে অলিম্পিক জয়ৰ সপোন লৈ যোৱা সময়চোৱাত কৰা পৰিশ্ৰম আজি সাকাৰ হোৱাৰ পথত ৷

মেখেলাচাদৰ পিন্ধাৰ ভয়ত বক্সিঙৰ ৰিঙত নমা ছোৱালীজনী

টকিঅ’ত উপস্থিত হোৱাৰ পিছত লাভলীনা

প্ৰয়োজনতকৈ অধিক ওখ ছোৱালীজনী ৷ তেতিয়া তাই অষ্টম শ্ৰেণীৰ ছাত্ৰী ৷ বিদ্যালয়ৰ নিয়ম অনুসৰি অষ্টম শ্ৰেণীলৈ উৰ্ত্তীণ হলেই চাদৰ মেখেলা পিন্ধিব লাগে ৷ গতিকে বায়েকৰ মেখেলাচাদৰ পিন্ধি স্কুল যায় ৷ কিন্তু মেখেলাখনে কোনোমতেই ভৰিৰ কলাফুল নাপায়গৈ ৷ লাজ পায় তেনেদৰে স্কুল যাবলৈ ৷ ফলত পঢ়াশুনাত লাহে লাহে মনোযোগ কমি আহিল ৷ স্কুল খতি কৰিবলৈ ধৰিলে ৷ এনেদৰে গৈ গৈ ক্লাছ নাইনত পৰীক্ষাত ফেইল কৰি থাকিল ৷ স্কুল যোৱাতকৈ ঘৰত চাহ পুলি চেগুন পুলি ৰুই ভাল পোৱা হল ৷ তাৰ মাজতে মোৱা-থাই নামৰ মাৰ্চিয়েল আৰ্টৰ প্ৰতি আকৰ্ষিত হল ৷ প্ৰশান্ত দাস নামৰ প্ৰশিক্ষক গৰাকীৰ তত্ত্বাৱধানত মোৱা-থাই প্ৰতিযোগিতাত প্ৰথম যোৰহাটত আৰু তাৰ পাছত ঝাৰখাণ্ডত প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হল ৷ একে সময়তে অসমৰ সোনাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত লাভ কৰিলে সোনৰ পদক ৷

লাভলীনা

সেইয়া আছিল আজিৰ পৰা এটা দশকৰ আগৰ কথা ৷ ২০১১ চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত ৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিলে ৷ তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খৱৰ আহিল ৷ ছাই কেন্দ্ৰত যোগদান কৰিবনে নাই তাক লৈ দোধোৰমোধোৰ অৱস্থাত থকাৰ সময়ত মাকে কলে যে তাই যদি ছাইত যোগদান কৰে তেতিয়া এনেদৰে মেখেলাচাদৰ পিন্ধাৰ দৰকাৰ নাই আৰু ৷ ছাইত যোগদান কৰিবলৈ মেখেলাচাদৰ পিন্ধি বেয়া পোৱা ছোৱালীজনীক আৰু বেলেগ অজুহাতৰ প্ৰয়োজন নাছিল ৷

মেখেলাচাদৰ পিন্ধাৰ পৰা ৰেহাই পোৱাৰ আশাতেই পাছদিনাই গুৱাহাটীৰ ছাই প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিছিল ৷ আজি এটা দশকৰ পাছত মেখেলাচাদৰ পিন্ধাৰ ভয়ত ছাইত যোগ দিয়া ছোৱালীজনীয়ে অসমৰ প্ৰথম মহিলা খেলুৱৈ হিচাপে টকিঅ’ অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ বৰপথাৰ বাৰমূখীয়া গাৱৰ টিকেন বৰগোহাঁই আৰু মামনি বৰগোহাঁইৰ কনিষ্ঠ কন্যা লাভলীনা বৰগোহাঁই এই ভিতৰুৱা অঞ্চলটোৰ পৰা গৈ কিদৰে বিশ্বৰ দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হোৱা এই দীঘলীয়া যাত্ৰাৰ লগত বিভিন্ন ঘটনা পৰিঘটনা জড়িত হৈ আছে ৷

জেষ্ঠ খেলুৱৈৰ পোচাক পিন্ধি পদক আজুৰি আনিছিল লাভলীনাই

ইটালীত অন্তিম প্ৰশিক্ষণৰ সময়ত লাভলীনা

আৰ্থিক অনাটনৰ মাজত ডাঙৰ দীঘল হোৱা লাভলীনাই স্কুলত পঢ়ি থাকোতে যিদৰে বায়েকৰ ইউনিফৰ্ম পিন্ধি স্কুল যাব লগীয়া হৈছিল ঠিক তেনেদৰে একেই অৱস্থাৰ সন্মুখীন হৈছিল বক্সিং ৰিঙতো ৷ সেইয়া আছিল বক্সিং কেৰিয়াৰৰ আৰম্ভণিৰ সময়ৰ কথা ৷ ক’লকতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত যোগদান কৰিবলৈ গৈছিল লাভলীনা ৷ কিন্তু নিজৰ বাবে নাছিল খেলৰ অতি প্ৰয়োজনীয় সামগ্ৰীসমূহ ৷ আনকি নিজাকৈ এজোৰ খেলৰ পোচাকো নাছিল ৷ যাত্ৰাৰ সময়ত এগৰাকী সতীৰ্থ খেলুৱৈয়ে তাইৰ পোচাকযোৰ নিজে খেলাৰ পাছত লাভলীনাক দিবলৈ মান্তি হৈছিল ৷

কিন্তু অসমৰ সেই খেলুৱৈ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেই প্ৰতিযোগিতাত প্ৰাৰম্ভিক পৰ্যায়তে পৰাজিত হৈছিল ৷ আচৰিত কথা খেলত পৰাজয়ৰ পাছত সেই খেলুৱৈ গৰাকীয়ে তাইৰ পোচাক লাভলীনাক দিবলৈ অমান্তি হল ৷ হয়তু ঈৰ্ষাত ৷ যাৰ ফলত লাভলীনাৰ বাবে প্ৰতিযোগিতাত যোগদান সেই সময়ত অসম্ভৱ হৈ পৰিছিল ৷ অৱশ্যে এগৰাকী জেষ্ঠ খেলুৱৈয়ে তেনে অৱস্থাত তেওঁৰ নিজৰ এজোৰ পোচাক লাভলীনালৈ আগবঢ়াই দিয়ে ৷ তেতিয়া লাভলীনাৰ বয়স মাথো ১৫ বছৰ ৷

গতিকে জেষ্ঠ খেলুৱৈ গৰাকীৰ পোচাকযোৰ বহুত ডাঙৰ আৰু জলহু ধৰণৰ হল ৷ কিন্তু আন কোনো বিকল্পও নাছিল লাভলীনাৰ সন্মুখত ৷ প্ৰচুৰ আত্মবিশ্বাস আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হব পৰা যোগ্যতা থকা লাভলীনাক যেন কোনো প্ৰতিকুল পৰিৱেশেই বিচলিত কৰিব নোৱাৰে ৷ জেষ্ঠ খেলুৱৈৰ জলহু পোছাক আৰু আনৰ পৰা লোৱা গ্লোৱেৰেই সেই প্ৰতিযোগিতাত পদক আজুৰি আনিছিল লাভলীনাই ৷ অভাৱ অনাটন বা আন কোনো সমস্যাই বাধা দিব নোৱাৰা লাভলীনা কিছুদিন পূৰ্বে ক’ভিডটো আক্ৰান্ত হৈছিল ৷ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জপদক লাভ কৰাৰ পাছতো বিজ্ঞাপন জগতত ভৰি দিয়াৰ সলনি নিজৰ লগতে মাক-দেউতাকৰ সপোনবোৰ বাস্তৱিক কৰিবলৈ কঠোৰ অনুশীলন অব্যাহত ৰাখিলে ৷

লাভলীনাৰ সৰুপথাৰৰ ঘৰৰ এটি দৃশ্য

ৰেলত চিট নাপায় শৌচালয়ৰ কাষত চাদৰ পাৰি গুৱাহাটীলৈ গৈছিল ছাইত যোগদান কৰিবলৈ

সেইয়া আছিল দুহেজাৰ বাৰ চনৰ ২৮ জুনৰ কথা ৷ গুৱাহাটীৰ ছাই প্ৰশিক্ষক কেন্দ্ৰৰ পৰা বৰপথাৰ ছোৱালী হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক ভৱানন্দ লাহনলৈ খৱৰ আহিল পৰবৰ্তী দিনা লাভলীনাই গুৱাহাটীৰ ছাই কেন্দ্ৰত যোগদান কৰিব লাগে ৷ লাহনে সেই খৱৰ লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইক জনালে আৱেলি সময়ত ৷ খৰখেদাকৈ যাবলৈ ওলাল যদিও যাতায়তৰ নিজা কোনো সুবিধা নাছিল ৷ ফলত মাজনিশা ১২ বজাত কামৰূপ এক্সপ্ৰেছত জেনেৰেল ডবাত কন্যাক লৈ পিতৃ টিকেন বৰগোহাঁয়ে যাত্ৰা আৰম্ভ কৰিলে সৰুপথাৰৰ পৰা গুৱাহাটীলৈ বুলি ৷ ৰেলত বহিবলৈ ক’তো চিট নাই ৷ কি কৰিব উপায় নাপায় পিতৃ টিকেন বৰগোহাঁয়ে ৰেলৰ শৌচালয়ৰ কাষতে মজিয়াত এখন বিছনা চাদৰ পাৰি লাভলিনাক শুবলৈ দি নিজে ওৰে ৰাতি কাষত বহি গুৱাহাটী পালেহি ; আৰু পৰৱৰ্তী দিনা গুৱাহাটীৰ ছাই কেন্দ্ৰত ১৬ বছৰৰ অনুৰ্দ্ধ খেলুৱৈ হিছাপে যোগদান কৰেগৈ ৷ মুৱাই-থাই আৰু কিক বক্সিংৰ জগতৰ পৰা এনেদৰেই বক্সিঙৰ ৰিঙলৈ লাভলীনাৰ উত্তৰণ ৷
মুৱাই-থাই আৰু কিক বক্সিঙৰ বাহিৰেও প্ৰশিক্ষক প্ৰশান্ত দাসে লাভলীনাক মণিপুৰী সমৰকলা ঠাং’টা (Thang’ta)ৰ প্ৰশিক্ষণ দিছিল ৷ এবাৰ যোৰহাটত অনুষ্ঠিত হোৱা এক কৰ্মশালাত যোগদান কৰি উভতি অহাৰ সময়ত লাভলীনাহতৰ গাড়ীখনত দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ অৱশ্যে পাছত চিআৰপিএফ বাহিনী আহি দলটোক উদ্ধাৰ কৰিছিল ৷ তেতিয়া কিশোৰী লাভলীনাই দুৰ্বৃত্তৰ হাতৰ পৰা সতীৰ্থ সকলক ৰক্ষা কৰিবলৈ গাড়ীৰ পৰা নামি যাব পৰা নাছিল ৷ কিন্তু ঘৰলৈ আহি প্ৰশিক্ষক প্ৰশান্ত দাসক কৈছিল যে ভবিষ্যতে নিজকে এনেদৰে সজাই তুলিব যাতে অৱলা হিচাপে গাড়ীত বহি থকাৰ সলনি আত্মৰক্ষাৰ কাৰণে নিজেই যুঁজিব পাৰে ৷ সেইজনীয়েই লাভলীনা ৷ কোনো পৰিৱেশতে পাছলৈ উভতি নহা অদম্য সাহসৰ প্ৰতীক স্বাভিমানী লাভলীনা ৷
লাভলীনা বিগত বছৰ ক’ভিডৰ সময়ত প্ৰায় তিনিমাহ ঘৰত আছিলহি ৷ সেই সময়খিনিত অঞ্চলটোৰ দুখীয়া লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছিল ৷ ঘৰত থকা সময়খিনিত পথাৰলৈ গৈ খেতি কৰা, গছপুলি ৰোৱা , মাছমৰা আদিত ব্যস্ত থাকে মাক মামনিৰ অতি মৰমৰ জীয়াৰী লাভলীনা ৷ দৈনিক মাকলৈ লাভলীনাই ভিডিঅ’ কল কৰে ৷ ইটালীত প্ৰশিক্ষণ লৈ থকাৰ সময়ত মাকলৈ যেতিয়া ফোন কৰিবলৈ আজৰি পায় তেতিয়া আমাৰ সময় নিশা ১২ বাজি পাৰ হয় ৷ হলেও জীয়েকৰ ভিডিঅ’ কল নোপোৱালৈকে ৰুগীয়া মাকে অপেক্ষা কৰে ৷ মাক মামনিৰ দুয়োটা কিডনী বিকল হৈ পৰাত যোৱা ফেব্ৰুৱাৰী মাহত কলিকতাত কিডনী সলনি কৰিবলগীয়া হয় ৷ বৰ্তমানো সম্পূৰ্ণ সুস্থ নহয় মাক মামনি ৷ অলিম্পিকলৈ চলায় থকা কঠোৰ অনুশীলনৰ মাজত ফেব্ৰুৱাৰী মাহত লাভলীনাই চিকিৎসালয়ত মাকৰ সংগ দিছিলহি ৷ ভাৰাক্ৰান্ত মন লৈয়ে অব্যাহত ৰাখিছিল কঠোৰ অনুশীলন ৷

টকিঅ’ অলিম্পিকত অংশ লোৱা বক্সিঙৰ নবৰত্ন

স্কুলতে কিতাপ-চাইকেল এৰি যোগ দিছিলগৈ ছাইৰ নিৰ্বাচনী শিৱিৰত

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ পাছত লাভলীনাই মহাৰাষ্ট্ৰৰ পুনেৰ আৰ্মি হেড কোৱাৰ্টাৰত কিছুদিন প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ যোৱা জুন মাহৰ ২১ তাৰিখৰ পৰা ইটালীত কঠোৰ প্ৰশিক্ষণত ব্যস্ত হৈ আছে ৷ ইটালিয়ান প্ৰশিক্ষক ৰাফেল গাৰ্মাবাষ্কই লাভলীনৰ লগতে অলিম্পিকত যোগদান কৰিবলগীয়া ভাৰতীয় বক্সিং দলটোক প্ৰশিক্ষণ দি আছিল ৷ দলটোত মুঠ ছয় গৰাকী মহিলা আৰু ৯ গৰাকী পুৰুষ প্ৰতিযোগী ৷ তদুপৰি ছিকিমৰ প্ৰশিক্ষক সন্ধ্যা গুৰুঙো অন্যতম প্ৰশিক্ষক হিছাপে লাভলীনাৰ লগত আছে যদিও তেওঁ টকিঅ’লৈ নাযায় ৷ আজি লাভলীনাই ইটালীৰ পৰা টকিঅ’ অভিমূখে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে ৷
লাভলীনাৰ কেৰিয়াৰৰ এই সূদীৰ্ঘ যাত্ৰাত বৰপথাৰৰ মুৱাই-থাই আৰু কিক্‌ বক্সিঙৰ প্ৰশিক্ষক প্ৰশান্ত দাসৰ বিশেষ অবদান আছে ৷ পেছা সূত্ৰে ধনশিৰি আইটিআইৰ শিক্ষক প্ৰশান্ত কুমাৰ দাসে আবেলি সময়ত বৰপথাৰ হিন্দী হাইস্কুলৰ প্ৰাংগনত মুৱাই-থাই প্ৰশিক্ষণ দিয়ে ৷ সেইযা আছিল ২০১০ চনৰ কথা ৷ ধনশিৰি আইটিআইৰ ছাত্ৰী সোণমণি গগৈয়ে এদিন বৰপথাৰ ছোৱালী হাইস্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি থকা মোমায়েকৰ জীয়েক লাভলীনাক প্ৰশিক্ষক তথা তাইৰ শিক্ষক প্ৰশান্ত কুমাৰ দাসৰ ওচৰলৈ লৈ আহিছিল ৷ সেইয়াই আৰম্ভণি ৷ প্ৰশান্ত কুুমাৰ দাসৰ ওচৰত লাভলীনাই মুৱাই-থাই নামৰ শাৰীৰিক কলাৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে ৷ লগতে কিক্‌ বক্সিং আৰু ঠাং’টা নামৰ মণিপুৰী সমৰ কলাৰো প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ আৰম্ভ কৰিলে ৷

এনেদৰেই ২০১২ চনৰ মে মাহত গুৱাহটীৰ ছাই কেন্দ্ৰৰ পৰা এটা দল আহে সৰুপথাৰলৈ ৷ উদেশ্য বক্সিঙৰ খেলুৱৈ সন্ধান কৰা ৷ সৰুপথাৰৰ গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত আয়োজন কৰিছিল প্ৰতিভা সন্ধানী এক শিৱিৰ ৷ আচলতে চাহ জনজাতি সম্প্ৰদায়ৰ প্ৰতিভাৰ সন্ধানত দলটো আহিছিল যদিও বৰপথাৰ ছোৱালী হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক ভৱানন্দ লাহনৰ বিশেষ তৎপৰতাত শেষ মূহূৰ্তত ছাইৰ দলটোৱে লাভলীনাক প্ৰশিক্ষক সকলৰ সন্মুখীন হবলৈ সুযোগ দিবলৈ ৰাজি হয় ৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ক্ৰীয়া বিভাগৰ উপ সঞ্চালক উদয় কমল চেতিয়াই যোগাযোগ কৰি সহায় কৰি দিয়ে আৰু ছাইৰ বক্সিং প্ৰশিক্ষক পদুম চন্দ্ৰ বড়োৰ সন্মুখত নিজা পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে লাভলীনাই সুযোগ লাভ কৰে ৷

সেই মুহূৰ্তত লাভলীনা আছিল শ্ৰেণীকোঠাত আৰু তাৰ পৰাই বৰপথাৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক হেমন্ত বৰাই সৰুপথাৰৰ শিৱিৰলৈ লৈ যায় ৷ লাভলীনাৰ কিতাপ ছাইকেল সেইদিনা বিদ্যালয়তে থাকি গল ৷ লাভলীনাৰ প্ৰদৰ্শনত ছাইৰ নিৰ্বাচক সকল সন্ত্তষ্ট হল আৰু লাভলীনৰ শিক্ষক সকলৰ কষ্টৰো সুফল আহিল তিনিমাহৰ পাছত ৷ বৰপথাৰ ছোৱালী হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক ভৱানন্দ লাহনলৈ ছাইৰ কৰা খৱৰ আহিল লাভলীনা ছাইলৈ নিৰ্বাচিত হোৱাৰ ৷ সৰুপথাৰৰ গোলাঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত আয়োজন কৰা নিৰ্বাচনী শিৱিৰৰ পৰা আৰম্ভ কৰা বক্সিঙৰ যাত্ৰাত আৰু কোনোদিনেই লাভলীনা থমকি ৰোৱা নাই ৷ লাভলীনাই বিশ্বৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনত যোগদানৰ কাৰণে টকিঅ’লৈ ৰাওনা হৈছে ইটালীৰ পৰা ৷ ২৪ জুলাইত প্ৰথম অলিম্পিকৰ বক্সিং ৰিঙত নামিব ৷

(লেখক, সহযোগী অধ্যাপক, ডি আৰ কলেজ, গোলাঘাট)

লগতে পঢ়ক ব্ৰিটিছ জাৰ্নেল লানচেটৰ ভয়াবহ প্ৰতিবেদন,এলকহল সেৱন কৰিলে হয় কৰ্কট ৰোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply