নিউজ ডেস্কঃ সোমবাৰে ইস্তানবুলত অনুষ্ঠিত আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনা বৰগোহাঁইয়ে প্ৰাক্তন বিশ্ব চেম্পিয়ন টাইৱানৰ চেন নিয়েন-চিনক পৰাস্ত কৰে। প্ৰথমবাৰৰ বাবে ৭০ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই চেন নিয়েন-চিনক ৩-২ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই। প্ৰথমখন খেলতে চাইনীজ টাইপেইৰ প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰিলে অসম কন্যাই।

লাভলীনাই চেন নিয়েনক দুবাৰকৈ পৰাজিত কৰিছে। ২৪বছৰীয়া লাভলীনাই ২০১৮ আৰু ২০১৯ চনৰ আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
লাভলীনাই আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ১৬ ৰাউণ্ডত তিনিবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন ইংলেণ্ডৰ চিণ্ডি নগাম্বাৰ সৈতে মুখামুখি হ’ব।