কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা লাভলীনা। ৬৯ কেজি ৱেলটাৰ ৱেইট শাখাত বিজয়ী লাভলিনা। জাৰ্মান প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি লাভলীনাই কোৱাৰ্টাৰত উপনীত হয়।জাৰ্মানীৰ নাদিন এপেজক পৰাস্ত কৰে অসমৰ বক্সাৰগৰাকীয়ে। ৩০ জুলাইত অনুষ্ঠিত হ’ব কোৱাৰ্টাৰ ফাইনেল খেল।
আজিৰ খেলত প্ৰথম ৰাউণ্ডত তিনিগৰাকী বিচাৰকে ভাৰতীয় বক্সাৰগৰাকীক পক্ষত ৰায় দিয়াৰ বিপৰীতে দুগৰাকী বিচাৰকে জাৰ্মান বক্সাৰগৰাকীৰ পক্ষত ৰায় দিয়ে।
দ্বিতীয় ৰাউণ্ডতো একেই দৃশ্য পৰিলক্ষিত হয়। তিনিগৰাকী বিচাৰকে লাভলীনাক আগুৱাই ৰাখে আৰু সেইদৰে তৃতীয় ৰাউণ্ডতো ভাৰতীয় তাৰকা বক্সাৰগৰাকীৰ পক্ষত ৰায় দিয়ে তিনিগৰাকী বিচাৰকে। সামগ্ৰীক ভাবে ৩-২ ব্যবধানত জয়লাভ কৰে লাভলীনাই |
টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নমাৰ আগতেই পুৱাৰে পৰা অসমকন্যা লাভলীনা বৰগোঁহাইক লৈ সমগ্ৰ ৰাজ্যৰ গাঁৱে-ভূঞে,নগৰে-চহৰে লাভলীনাৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰে অসমবাসীয়ে । প্ৰথম খেলতে জাৰ্মান প্ৰতিদ্বন্দীত ৩-২ চেটত পৰাস্ত কৰাৰ বাবে আনন্দিত কৰি তুলিছে সকলোকে |
লগতে পঢ়ক বাঘজান কাণ্ড : এটা বছৰৰ পিছতো অন্ত পৰা নাই বাঘজানবাসীৰ যাতনা