ইতিহাস ৰচনা কৰি প্ৰথম গৰাকী অসমীয়া মহিলা হিচাপে অলিম্পিকলৈ যোৱা লাভলীনা বৰগোঁহাইয়ে অসমলৈ কঢ়িয়াই আনিলে ব্ৰঞ্জৰ পদক । বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ প্ৰতিযোগিতাৰ পৰা এই সন্মান কঢ়িয়াই আনি গৌৰবাম্বিত কৰিলে দেশৰ ক্ৰীড়া জগতক ।
ইতিহাস সৃষ্টিৰে অলিম্পিকত অংশগ্ৰহণ কৰা অসম কন্যা লাভলীনা বৰগোহাঁইৰ ব্ৰঞ্জৰ পদক দখল। আজি অনুষ্ঠিত
ছেমি ফাইনেলত তুৰ্কীৰ শক্তিশালী প্ৰতিদ্বন্দ্বী বুছেনাজ চুৰমেনলীৰ হাতত পৰাস্ত হ’ল লাভলীনা।
৬৯ কেজি ৱেল্টাৰৱেইট শাখাত চুৰমেনলীৰ হাতত ৫-০ ব্যবধানত পৰাস্ত হ’ল । এই সফলতাৰ পিছত ভাৰতৰ তিনি গৰাকী মহিলাৰ দ্বাৰা তিনিটাকৈ মেডেল লাভ কৰে ।
টকিঅ’ অলিম্পিকত নিজৰ প্ৰথমখন খেলৰ পৰা আজি প্ৰতিদ্বন্দীৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিয়ালৈ, দৃঢ়মনা লাভলীনাৰ অদম্য মনোবল আৰু সুকৌশলে অজস্ৰ ক্ৰীড়াপ্ৰেমী আৰু খেলুৱৈক অনুপ্ৰাণিত কৰিছে।
আধুনিক অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত অসমলৈ পদক কঢ়িয়াই অনা প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত লাভলীনা। অলিম্পিকৰ বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতৰ তৃতীয়গৰাকী বক্সাৰ লাভলীনা।
অলিম্পিকত ৯ বছৰৰ পিছত বক্সিংত ভাৰতে পদক লাভ কৰিছে। শেষবাৰৰ বাবে ভাৰতে ২০১২ চনৰ লণ্ডন অলিম্পিকত মেৰী কমে পদক লাভ কৰিছিল।
লগতে পঢ়ক ৰেপাৰ য়ো য়ো হানী সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসা, যৌন নিৰ্য্যাতনৰ গোচৰ পত্নীৰ