নিউজ ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসম কন্যা লাভলীনাৰ আন এক সাফল্য। IBAৰ এথলীটছ কমিটীৰ অধ্যক্ষা নিৰ্বাচিত বক্সাৰ লাভলীনা বৰগোহাঁই। ২০২২ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সময়ছোৱাত লাভলীনাই সৰ্বাধিক ভোট লাভ কৰিছিল।
নিৰ্বাচিত হোৱাৰ পিছত লাভলিনাই কয় যে, “আই বি এৰ এথলীট কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাত মই গৌৰৱান্বিত অনুভৱ কৰিছো, মই সদস্য হোৱাৰ আশা কৰিছিলো, কিন্তু কেতিয়াও ভবা নাছিলো যে মইও কমিটীৰ অধ্যক্ষ হ’ম, এইটোৱে মোক ভাৰতীয় বক্সিং আৰু বিশেষকৈ মহিলা বক্সাৰক বিশ্বৰ আন বক্সাৰসকলৰ আগত প্ৰচাৰ কৰাত সহায় কৰিব।”
লগতে তেওঁ কয় “এইটো মোৰ বাবে বক্সিঙৰ প্ৰচাৰৰ এক বিশাল সুযোগ আৰু মই প্ৰথমে বিশ্বৰ আন সদস্য আৰু বক্সাৰসকলৰ সৈতে এই বছৰ কেনেকুৱা কি কৰিব লাগিব সেই বিষয়ে আলোচনা কৰাৰ পৰিকল্পনা কৰিছো আৰু তাৰ পিছত সেই পৰামৰ্শ আৰু অভিযোগসমূহ পৰিচালনা সমিতিলৈ লৈ যাম”।
উল্লেখ্য যে, আই বি এ এথলীটছ কমিটিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে বক্সাৰ শিৱ থাপা।