নিউজ ডেস্কঃ ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোঁহাই। অসমবাসীলৈ লাভলীনাই কঢ়িয়াই আনিছে সুখবৰ।

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে অসম কন্যা লাভলীন বৰগোঁহাই।

৭৫ কিলো শাখাত স্বৰ্ণ জয় ২৫ বছৰীয়া লাভলীনৰ।

লাভলীনাৰ আজি ফাইনেল খেল খনত অষ্ট্ৰেলিয়াৰ এনি পাৰ্কাৰ মুখামুখি হয়। দুগৰাকী বক্সাৰে দুৰ্দান্ত খেল প্ৰদৰ্শন কৰে।

প্ৰথম ৰাউণ্ডত লাভলীনাই সৰ্বোচ্চ পইণ্ট পাই আগবাঢ়িছিল যদিও দ্বিতীয় ৰাউণ্ডত পিছ পৰিব লগীয়া হৈছিল অষ্ট্ৰেলিয়াৰ এনি পাৰ্কাৰ দ্বাৰা।

কিন্তু অন্তিম তথা ফাইনেল ৰাউণ্ডত লাভলীনাই দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি স্বৰ্ণ পদক নিজৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে লাভলীনাই বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল।

অলিম্পিকত ব্ৰঞ্জৰ পদ লাভ কৰাৰ পিছতেই লাভলীনাৰ আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ভাল পদৰ্শন কৰিব পৰা নাছিল। বহু বিৰতিৰ পিছত আজি আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজা এক সফল প্ৰদৰ্শন দৰ্শকক দেখুৱাবলৈ সক্ষম হয় অসম কন্যা গৰাকীয়ে।

উল্লেখযোগ্য যে, লাভলীনাই প্ৰথমবাৰৰ বাবে ৭৫ কিলোৰ শাখাত প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল ইয়াৰ পূৰ্বে খেলুৱৈ গৰাকীয়ে ৬৯ কিলো শাখাত খেলিছিল।

লগতে পঢ়ক – GI টেগেৰ সন্মানিত অসমীয়া গামোচাক বাংলা সাহিত্য সভাত অপমান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply