নিউজ ডেস্কঃ টকিঅ’ অলিম্পিকত বক্সাৰ লাভলীনা বৰগোহাঁইয়ে পৰিধান কৰা হেণ্ড গ্লোভছযোৰ নিলাম হ’ল ১.৯২ কোটি টকাত।

অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ হিচাপে দিছিল হেণ্ড গ্লোভছযোৰ।

আনহাতে, স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ জেভলিন নিলাম হ’ল ১.৫৫ কোটি টকাত।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ৭১ সংখ্যক জন্ম দিনাৰ দিনা  এই উপহাৰসমূহৰ নিলাম কাৰ্যৰ বাবে তেওঁ আয়োজন কৰে ই- অকশ্যনৰ।

লগতে পঢ়কঃৰাষ্ট্ৰীয় টাইকোৱানডোত জামুগুৰিহাটৰ ধ্ৰুপদ কাশ্যপৰ স্বৰ্ণ পদক লাভ

এই ই-অকশ্যনৰ প্ৰথম দিনটোতেই ১০ কোটি টকাৰ নিলাম ধন সংগ্ৰহ হয়। সৰ্বাধিক মূল্যত নিলাম হয় অসম কন্যা লাভলীনাই টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী খেলখনত পিন্ধা গ্লোভছযোৰ। এই গ্লোভছযোৰ নিলাম হয় ১.৯২ কোটি টকাত। গ্লোভছযোৰৰ মূল্য ৮০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল।

আনহাতে, ১.৫৫ কোটি টকাৰে দ্বিতীয় সৰ্বাধিক মূল্য নিৰ্ধাৰণ হয় স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ জেভলীন। 

পেৰা অলিম্পিকৰ পদক বিজয়ীসকলে প্ৰধানমন্ত্ৰীক উপহাৰ স্বৰূপে দিয়া সামগ্ৰীসমূহৰ নিলাম কৰিও ভালেখিনি ধন সংগ্ৰহ কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply