নিউজ ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত হৈ মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনা বৰগোহাঁই বুধবাৰে পদক জয় নিশ্চিত কৰে।

৭৫ কিলোগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মোজাম্বিকৰ বক্সাৰ আডোছিন্দা ৰাডিকক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।

ইয়াৰ পূৰ্বেও খেলুৱৈ গৰাকীয়ে প্রি-কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ ভানেছা অজিক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰিছিল।

উল্লেখযোগ্য যে, লাভলীনা বৰগোহাঁই প্ৰথমবাৰ বাবে আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলত ৭৫ কিলোগ্রাম শাখাত খেলিছে। ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদকজয়ী লাভলীনাই ৬৯ কিলোগ্ৰাম শাখাত খেলিছিল।

উল্লেখযোগ্য যে, কেৱল লাভলীনাই নহয় ভাৰতৰ আৰু তিনি গৰাকী গৰাকী মহিলা বক্সাৰে নিজৰ জয়ৰ পদক নিশ্চিত কৰিছে। ৪৮ কিলোগ্রাম শাখাত নিতু ঘাংঘাছে, ৮১ কিলোগ্রাম শাখাত স্বাতী বাঁড়াই আৰু ৫০ কিলোগ্রাম শাখাত নিখাত জাৰিনে পদক জয় নিশ্চিত কৰিছে।

লগতে পঢ়ক – দুৰ্নীতি নিবাৰক শাখাৰ জালত তিনিজন চৰকাৰী কৰ্মচাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply