নিউজ ডেস্ক : ভাৰতীয় বক্সাৰ এম চি মেৰী কম আৰু পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকাবাহক হ’ব। সোমবাৰে ভাৰতীয় অলিম্পিক সংস্থা এক বিবৃতি যোগে এই কথা সদৰী কৰে।

অহা ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক প্ৰতিযোগিতা যোৱা বছৰেই অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ বাবে ইয়াক এবছৰ পিছোৱাই দিয়া হয়।

ভাৰতীয় অলিম্পিক সংস্থাৰ সচিবপ্রধান ৰাজীৱ মেহতাই জনোৱা মতে অহা ১৪ জুলাইত ভাৰতৰ প্রথমটো দল জাপানৰ টকিঅ’ অভিমুখে ৰাওনা হ’ব৷

তেওঁ প্রকাশ কৰা অনুসৰি এয়াৰ ইণ্ডিয়াৰ চার্টার্ড বিমানেৰে ১৪ জুলাইত ভাৰতৰ প্রথমটো দল টকিঅ’লৈ উৰা মৰাৰ পিছত ১৬ৰ পৰা ১৯ জুলাইৰ ভিতৰত দেশৰ আন খেলুৱৈসকল অলিম্পিকলৈ ৰাওনা হ’ব৷

টকিঅ’ত খেলুৱৈ আৰু বিষয়ববীয়াসকলে তিনি দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব বুলিও মেহতাই জানিবলৈ দিয়ে৷

লগতে পঢ়ক : উত্তৰ-পূবৰ সৰ্ববৃহৎ ব্যৱসায়িক ইভেণ্ট- নৰ্থইষ্ট লঞ্চপেড; আজিয়েই পঞ্জীয়ন কৰক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply