নিউজ ডেস্ক: মণিপুৰৰ কামজং জিলাৰ দুগৰাকী যুৱ মহিলা শৰীৰ চৰ্চাবিদে মালদ্বীপত অনুষ্ঠিত হ’বলগীয়া আগন্তুক মিছ এছিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে।
জিলাখনৰ কাচোম খুলেনৰ ছলিমলা জাজো (Solimla Jajo) আৰু লেইচি গাঁৱৰ চোলান জাজো (Solan Jajo) হৈছে শৰীৰচৰ্চাত ভাৰতক প্ৰতিনিধিত্ব কৰা তাংখুল সম্প্ৰদায়ৰ প্ৰথম মহিলা। দুয়োগৰাকীৰে বয়স ১৭ বছৰ।
উল্লেখযোগ্য যে ১৫-ৰ পৰা ২১ জুলাইলৈ মালদ্বীপত অনুষ্ঠিত হ’বলগীয়া ৫৪ তম Asian Bodybuilding and Physique Sports Championship-ত ভাৰতীয় বডিবিল্ডিং দলত স্থান লাভ কৰা মণিপুৰৰ আঠগৰাকী শৰীৰচৰ্চাবিদৰ ভিতৰত ছলিমলা আৰু চোলান একমাত্ৰ মহিলা এথলিট।
দুয়োগৰাকীয়ে উখৰুল জিলাৰ ৰয়েল জিমনেছিয়ামত প্ৰশিক্ষক ৰবাৰ্ট এল মেইটেইৰ অধীনত আগন্তুক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই আছে।
ছলিমলাই ১৬৫ চেঃমিঃ senior model physique আৰু চোলানে ১৬০ চেঃমিঃ তলৰ senior model physique শাখাত প্ৰতিযোগিতাখনত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে।
ইষ্টম’জ’ৰ সৈতে হোৱা কথা-বাৰ্তাত চোলানে কয় যে তেওঁ ২০২০ চনত ১৫ বছৰ বয়সত ওজন হ্ৰাস কৰিবলৈ জিমত যোগদান কৰিছিল। অৱশ্যে, ২০২২ চনৰ ফেব্ৰুৱাৰীত তেওঁ পুনৰ উক্ত জিমটোত কৰাৰ পিছতহে তেওঁ শৰীৰচৰ্চা ক্ৰীড়াৰ বিষয়ে জানিব পাৰে আৰু আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে।
বৰ্তমান, দুয়োজনে, পুৱা দুঘণ্টা আৰু সন্ধিয়া দুঘণ্টা, দিনে চাৰি ঘণ্টাকৈ অনুশীলন কৰে।
লগতে পঢ়ক – AltNews-ৰ মহম্মদ জুবেইৰক ৫ দিনৰ অন্তৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ৰ