হাটশিঙিমাৰী – হাটশিঙিমাৰীৰ টি-১০ ক্ৰিকেট টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত ৬ উইকেটত জয়ী হাটশিঙিমাৰী ক্ৰিকেট দল। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত চলি থকা হাটশিঙিমাৰী টি-১০ ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথমটো ছেমি ফাইনেল খেলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজাৱালা ক্ৰিকেট দলক হাটশিঙিমাৰী ক্ৰিকেট দলে ৬ উইকেটৰ বিনিময়ত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।
যোৱা ১৩ জানুৱাৰী পৰা আৰম্ভ হোৱা এই টুৰ্ণামেণ্টৰ দেওবাৰে প্ৰথমটো ছেমি ফাইনেল খেল হাটশিঙিমাৰী ক্ৰিকেট দল আৰু আৰু মেঘালয়ৰ ৰাজাৱালা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। খেলখনত হাটশিঙিমাৰী ক্ৰিকেট দল টচত জয়ী হৈ ৰাজাৱালা দলক প্ৰথম বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।ৰাজাৱালা দল নিৰ্ধাৰিত ১০ অভাৱত আটাইকেইটা উইকেট হেৰুৱাই ১২৯ ৰান সংগ্ৰহ কৰে।
প্ৰত্যুত্তৰত হাটশিঙিমাৰী দল ৪ উইকেট হেৰুৱাই নিৰ্ধাৰিত ৯.৪ অভাৱত ১৩৪ ৰান সংগ্ৰহ কৰি ৬ উইকেটত জয়ী হয়। হাটশিঙিমাৰী দলৰ হৈ ৰহিত মাত্ৰ ২৭ বলত ১০২ ৰান সংগ্ৰহ কৰাত তেওঁক ম্যান অফ দ্যা মেচ ঘোষণা কৰা হয়। টুৰ্ণামেণ্টৰ দ্বিতীয়টো ছেমি ফাইনেল পানবাৰী হস্পিটাল আৰু হাটশিঙিমাৰী কলেজ নগৰৰ মাজত সোমবাৰে অনুষ্ঠিত হ’ব।