বৈঠালাংছ’: পশ্চিম কাৰ্বি আংলঙৰ অতিকৈ পিছপৰা অঞ্চল হানলকক্ৰকৰ । অঞ্চলটোৰ এটি পৰিয়ালে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে।”পাটৰ পৰিয়াল ” হিচাপে অঞ্চলটোত পৰিচিত উক্ত পৰিয়ালটোয়ে সম্পূৰ্ন নিজা খৰচেৰে আয়োজন কৰিছে অসম ভিত্তিত এক মাৰাথান দৌৰ প্ৰতিযোগিতাৰ।
পৰিয়ালটোক সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে “হানলক্ৰক ক্ৰীড়া সন্থা”। ২৬ জানুৱাৰী পুৱা-৬ বজাত হানলকক্ৰক মিনি ষ্টেডিয়ামত অনুস্থিত হব লগা উক্ত মাৰথান দৌৰ প্ৰতিযোগিতাত বিজয়ীক ১৫,০০০/-,দ্বিতীয়ক ১০,০০০/- আৰু তৃতীয় স্থান প্ৰাপ্ত গৰাকীক ৭,০০০/- টকাৰ মাননিৰে পুৰস্কৃত কৰা হব বুলি ঘোষণা কৰিছে পৰিয়ালটোৰ মূৰব্বী তথা সমাজসেৱক মোহন পাটৰে।
লগতে প্ৰতিযোগিতা খনিত অংশগ্ৰহন কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ সকলক আহ্বান জনাইছে ।উল্লেখযোগ্য যে, উক্ত দিনায়ে হানলকক্ৰক মিনি ষ্টেডিয়ামত পুৰুষ আৰু মহিলাৰ ফুটবল খেলৰো আয়োজন কৰিছে হানলকক্ৰক ক্ৰীড়া সন্থায়ে।
লগতে পঢ়ক- জুৰীয়াত ড্ৰাগছ ব্যৱসায়ীৰ বাসগৃহত আনন্দ মিশ্ৰৰ অভিযান