মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অসম হেণ্ডবল সন্থাৰ তত্বাৱধানত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আন্তঃজিলা পুৰুষ মহিলা ছিনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাখনি পোন প্ৰথম বাৰৰ বাবে মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সেই উপলক্ষে শুকুৰবাৰে মাৰ্ঘেৰিটা খণ্ড উন্নয়ন সভা কক্ষত এখন মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাজহুৱা সভাৰ আয়োজন কৰা হয়।
লগতে পঢ়কঃসোণাপুৰ সাহিত্য সভাৰ ৰাজহুৱা পুথিভঁৰাল মুকলি
উক্ত সভাত পৌৰোহিত্য কৰে মাৰ্ঘেৰিটা উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ প্ৰাক্তন খেলুৱৈ বিনোদ কোঁৱৰে। এই সভাতে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ উদেশ্য এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়।
সভাৰ সৰ্বসন্মতিক্ৰমে মাৰ্ঘেৰিটা মাহকুমাৰ মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমক সভাপতি আৰু মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সত্যৰঞ্জন বৰকাকতিৰ লগতে দিচেন টিপমিয়াক যুটিয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়। সভাত মাৰ্ঘেৰিটাৰ কেইবাটাও সংগঠনৰ বিষয়ববীয়াৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।