এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ৫১ কিল’গ্ৰাম শাখাত ফাইনেলত পৰাস্ত মণিপুৰৰ বক্সাৰ এম চি মেৰীকম ৷ মেৰীকমে ২-৩ ৰ ব্যৱধানত কাজাখস্তানৰ নাজিম কিজাইবেৰ ওচৰত পৰাস্ত হয় ৷দেওবাৰে ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ৫১ কিল’গ্ৰাম শাখাৰ ফাইনেলত ৰূপৰ পদকতে ক্ষান্ত থাকিব লগীয়া হয় ছবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা মণিপুৰৰ বক্সাৰ এম চি মেৰীকম ৷
আনহাতে ডিফেণ্ডিং চেম্পিয়ন পূজা ৰাণী (৭৫ কিল’গ্ৰাম) এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ অৰ্জন কৰা একমাত্ৰ ভাৰতীয় মহিলা বক্সাৰ আছিল ৷ পূৰ্বে বাই আৰু ৱাকঅভাৰ লাভ কৰাৰ পিছত প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডত দুৰন্ত ফৰ্মত থকা পূজাই ৭৫ কিল’গ্ৰাম শাখাত উজবেকিস্তানৰ মাভলুদা মোভলোনোভাক হৰুৱাবলৈ সক্ষম হয় ৷ পূজাই এক বাউট শ্ব’ৰ বাবে ১০ হাজাৰ আমেৰিকান ডলাৰ উপাৰ্জন কৰে ৷
লগতে পঢ়ক শিৱসাগৰত আটক কৰি এৰি দিয়া জিম্পীক আকৌ ড্ৰাগছসহ আটক