অসম ক্রিকেটত প্ৰথম বাৰৰ উঠা মেচ ফিক্সিং কাণ্ডৰ আজি শুনানি গ্রহণ কৰিছে অসম ক্ৰিকেট সংস্থাই।
অসম ক্রিকেট সন্থাই বৰ্ষাপাৰাত এই শুনানী লৈছে সকলো পক্ষৰ। গোলাঘাটত অনুষ্ঠিত জে কে বৰুৱা অনূৰ্ধ ১৯ ক্রিকেট প্ৰতিযোগিতাৰ সময়ত ফিক্সিঙৰ অভিযোগ উত্থাপিত হৈছিল।


NF ৰে’লৱে আৰু যোৰহাটৰ মাজৰ অনুষ্ঠিত খেলখনত ফিক্সিঙৰ গুৰুতৰ অভিযোগ তুলিছিল শিলচৰ দলে। আজিৰ শুনানীত শিলচৰ, যোৰহাট,NF ৰে’লৱে দলৰ কৰ্তৃপক্ষৰ শুনানি গ্রহণ কৰে ।


উক্ত খেলখন পৰিচালনা কৰা দুয়োগৰাকী আম্পায়াৰ, মেচ অফিচিয়েলে এই শুনানীত অংশগ্ৰহণ কৰে। শিলচৰ ক্ৰিকেট সংস্থাৰ হৈ অভিযোগ দিয়া সুস্মিতা দেৱো আজিৰ শুনানিত উপস্থিত আছিল।

লগতে পঢ়ক – বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত দুই বাইক আৰোহী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply